দেওবাৰ, জানুৱাৰী 23, 2022
Homeবিশ্বৰ বতৰাবিয়া হবৰ বাবেই অদ্ভুত পন্থা গ্ৰহণ অষ্ট্ৰেলিয়াৰ যুৱতীৰ

বিয়া হবৰ বাবেই অদ্ভুত পন্থা গ্ৰহণ অষ্ট্ৰেলিয়াৰ যুৱতীৰ

কোভিড-১৯ ৰ সংক্ৰমণৰ পৰা বাচিবলৈ বিভিন্নজনে অৱলম্বন কৰিছে সৰ্তকতামূলক ব্যৱস্থা৷একাংশই ঘৰতে নিজকে আৱদ্ধ কৰি ৰখাৰ লগতে আন একাংশই প্ৰয়োজনীয় কামত ঘৰৰ বাহিৰ ওলাই গৈছে যদিও যিমান পাৰে জনসমাগমৰ পৰা নিজক আতৰাই ৰাখিবলৈ যত্নপৰ হৈছে৷এই সময়তে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণস্থিত মৈদী স্মাৰ্ট নামৰ এগৰাকী মহিলাৰ ভাইৰেল টিকটক ভিডিঅ’ই সামাজিক মাধ্যমত খলকনি তোলা পৰিলক্ষিত হৈছে৷নিউয়ৰ্ক পোষ্টৰ এক বাতৰি অনুসৰি মৈদীৰ বিয়া অহা মাহত৷কিন্ত তেওঁ এতিয়ালৈকে কোভিড-১৯ ৰ দ্বাৰা আক্ৰান্ত হোৱা নাই৷গতিকে বিয়াৰ আগতেই কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হবৰ বাবে তেও গ্ৰহণ কৰিছে আজৱ পন্থাৰ৷যাতে তেওঁ নিজৰ বিয়াখন সুকলমে যথা সময়ত অনুষ্ঠিত কৰিব পাৰে৷সেয়েহে তেওঁ এটি নাইট ক্লাবলৈ গৈ যাকেতাকে আলিংগন কৰি কোভিড সংক্ৰমিত হবলৈ অদ্ভুত পন্থা গ্ৰহণ কৰিছে৷”কেছ কোভিড নট ফিলিংছ” নামেৰে টিকটকত আপলোড কৰা ভিডিঅ’টিত মৈদীয়ে তেওঁ নিজে পানীয় গ্ৰহণ কৰা গিলাচ আনকো দিয়া দেখা গৈছে৷ভিডিঅ’টিত মৈদীয়ে কৈছে ” বিয়ালৈ ছয় সপ্তাহ বাকী,অথচ আপুনি এতিয়ালৈকে কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হোৱা নাই৷” উল্লেখ্য যে অষ্ট্ৰেলিয়াত বৰ্তমান কোভিড-১৯ ৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলস্বৰূপে দেশখনৰ কেইবাখনো ৰাজ্যত তলাবন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া