সোমবাৰ, অক্টোবৰ 18, 2021
Homeঅসমৰ বাতৰিচিৰকাললৈ বন্ধ হ'ব কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ, শিলচৰ দূৰদৰ্শন কেন্দ্ৰলৈও জাননী!

চিৰকাললৈ বন্ধ হ’ব কোকৰাঝাৰ দূৰদৰ্শন কেন্দ্ৰ, শিলচৰ দূৰদৰ্শন কেন্দ্ৰলৈও জাননী!

চিৰকাললৈ বন্ধ হ’ব দূৰদৰ্শন কেন্দ্ৰ কোকৰাঝাৰ। কোকৰাঝাৰৰ লগতে শিলচৰ দূৰদৰ্শন কেন্দ্ৰও বন্ধ কৰিব চৰকাৰে। অসমৰ দুটা দূৰদৰ্শন কেন্দ্ৰৰ লগতে দেশৰ প্ৰায় ৫০০ দূৰদৰ্শন কেন্দ্ৰ বন্ধ কৰিব কেন্দ্ৰীয় চৰকাৰে। ২০২২ৰ ৩১ মাৰ্চত বন্ধ হৈ পৰিব দূৰদৰ্শন কেন্দ্ৰ কোকৰাঝাৰ। যোৱা ২০ ছেপ্টেম্বৰত বন্ধৰ জাননী লাভ কৰিছে দূৰদৰ্শন কেন্দ্ৰ কোকৰাঝাৰ কৰ্তৃপক্ষই। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জাননী জাৰি কৰিছে। উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সমিটাৰ সংলগ্ন কেন্দ্ৰটো বন্ধৰ জাননীয়ে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই দূৰদৰ্শন কেন্দ্ৰ বন্ধৰ জাননী লাভৰ পিছতে কৰ্মচাৰীৰ মাজত হাহাকাৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া