দেওবাৰ, জানুৱাৰী 23, 2022
Homeৰাষ্ট্ৰীয় খবৰPMRGP: প্ৰধানমন্ত্ৰী সংস্থাপন গেৰান্টি যোজনাৰ নামত প্ৰতাৰণা, লুটিলে হাজাৰৰো অধিক লোকক...

PMRGP: প্ৰধানমন্ত্ৰী সংস্থাপন গেৰান্টি যোজনাৰ নামত প্ৰতাৰণা, লুটিলে হাজাৰৰো অধিক লোকক…

অনলাইন ইন্টাৰনেটৰ দ্বাৰা ৰাইজক ঠগাোট পুৰণি হ’ল, এইবাৰ প্ৰধানমন্ত্ৰীৰ যোজনাৰে প্ৰতাৰণা কৰা হ’ল সাধাৰন ৰাইজক ৷ আপুনি হয়টো পূৰ্বে কিছু অজ্ঞাত অপৰাধী লোকে চলেৰে ফোন কৰি বিভিন্ন ধৰনৰ কথাৰে জালত পেলাই একাউন্টৰ পৰা ধন উলিয়াই নিয়া ঘটনা শুনিছে। কিন্তু এইবাৰ কিছু ব্যতিক্ৰম ধৰনৰ ফ্ৰড মাৰ্কেটত আৱিৰ্ভাব ঘটিছে ৷ প্ৰধানমন্ত্ৰীৰ নামত ভুৱা যোজনাৰ আৰম্ভনি কৰি সংস্থাপন আৰু ঋণ প্ৰদানৰ প্ৰলোভন দি ঠগা হ’ল হাজাৰৰো অধিক লোকক ৷

ঘটনা নতুন দিল্লীৰ ৷ প্ৰধানমন্ত্ৰী ৰোজগাৰ গেৰাণ্টি যোজনা (PMRGP)ৰ নামত নিৰীহলোকক প্ৰতাৰণা কৰিলে প্ৰৱঞ্চকৰ এটা দলে ৷প্ৰৱঞ্চকৰ দলটোৰ ২৫ গৰাকী মহিলাসহ ২৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ৰোহিণী জিলাৰ ডিচিপি প্ৰণৱ তায়ালৰ মতে, ৰোহিণীৰ বাসিন্দা মুন্নী দেৱীয়ে অভিযোগ কৰিছিল যে তেওঁলৈ এজন সতীশ নামৰ ব্যক্তিৰ পৰা ফোন আহিছিল যিয়ে নিজকে বেংক কৰ্মচাৰী হিচাপে পৰিচয় দিছিল। তেওঁ PMRGP যোজনাৰ অধীনত ৬ লাখ টকাৰ ঋণ আগবঢ়াইছিল মুন্নী দেৱীলৈ ৷ আঁচনি অনুসৰি, ঋণৰ ধনৰ পৰিমানৰ বিনিময়ত ৫ লাখ টকা ঘূৰাই দিব লাগিব আৰু ১ লাখ ৰাজসাহায্য হিচাপে প্ৰতিবেদিত হব । কিন্তু গণ্ডগোলটো আছিল সেইখিনিতে যেতিয়া প্ৰৱঞ্চক সতীশে ঋণৰ প্ৰস্তাৱৰ বিনিময়ত প্ৰথমে ২১,৫০০ টকা পৰিশোধ কৰাৰ কথা কৈছিল ।

কথা মতেই কাম হ’ল ভুক্তভোগী মুন্নী দেৱী জালত পৰিল ঠগ সতীশ কুমাৰৰ ৷ সতীশ কুমাৰে প্ৰদান কৰা আৰবিএল বেংক একাউণ্টলৈ ২১,৫০০ টকা স্থানান্তৰ কৰিলে মুন্নী দেৱীয়ে । ঠগ সতীশ কুমাৰে পিছত ভুক্তভোগী মুন্নী দেৱীৰ ফোনটো উঠোৱা বন্ধ কৰিলে । আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত বুদ্ধ বিহাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিলে ।

আৰক্ষীৰ পৰৱৰ্তী পৰ্য্যায়ত অভিযুক্ত জনৰ লগতে ভুক্তভোগী মুন্নী দেৱীৰ বেংক একাউণ্টৰ বিৱৰণ পৰীক্ষা কৰিলে ৷ অনুসন্ধানত পোহৰলৈ আহিল যে প্ৰৱঞ্চনাৰ ধন সতীশ কুমাৰৰ একাউণ্টৰ পৰা শুভন খান নামৰ ইউপিআই একাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল৷ পাছত আৰক্ষীয়ে মহেন্দ্ৰ পাৰ্ক আৰক্ষী থানা এলেকাত অভিযান চলাইছিল য’ৰ পৰা প্ৰৱঞ্চনাৰ কল চেণ্টাৰটো ধৰা পৰিছিল। এই কল চেণ্টাৰটোত ২৫ গৰাকী মহিলাসহ মুঠ ২৮ জন লোকক কাম কৰা দেখা গৈছিল ।

অনুসন্ধানত প্ৰকাশ পাইছিল যে অভিযুক্তৰ দলটোৱে টেলিকলিংৰ জৰিয়তে পিএমআৰজিপিৰ অধীনত ঋণ আগবঢ়াইছিল । তেওঁলোকে অনলাইন আৰু অফলাইন দুয়োধৰনেৰে প্ৰতাৰণা কৰিছিল । দলটোৱে যোৱা ২ বছৰত ১০০০ তকৈও অধিক লোকক প্ৰতাৰণা কৰিছে আৰু বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া