সোমবাৰ, অক্টোবৰ 18, 2021
Homeবিশ্বৰ বতৰাসাংসদে পিন্ধিব নোৱাৰিব বাহু ওলোৱা টী চাৰ্ট-জীনছ, সংসদত হাত চাপৰি বজোৱাতো নিষেধাজ্ঞা

সাংসদে পিন্ধিব নোৱাৰিব বাহু ওলোৱা টী চাৰ্ট-জীনছ, সংসদত হাত চাপৰি বজোৱাতো নিষেধাজ্ঞা

জীনছ-টী চাৰ্ট আদি সংসদত প্ৰৱেশ কৰিব নোৱাৰিব। সাংসদসকলৰ বাবে বান্ধি দিছে বিশেষ ড্ৰেছ কোড। বিশেষ পোচাক পিন্ধিহে প্ৰৱেশ কৰিব পাৰিব সংসদত। সংসদত হাত চাপৰি বজোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে অধ্যক্ষই। বৃটেইনৰ সাংসদসকলৰ বাবে অধ্যক্ষ লিণ্ডছে হোয়েলে বান্ধি দিছে নতুন নিয়ম। সদনত প্ৰৱেশ কৰিব লাগিলে পিন্ধিব লাগিব বিশেষ পোচাক। এতিয়াৰে পৰা সাংসদসকলে পেছাদাৰী পোছাক পিন্ধিব লাগিব। তেওঁলোকক জিনচ, টি-চাৰ্ট বা শ্লিভলেছ টপ পিন্ধিবলৈ নিষিদ্ধ কৰা হৈছে। অধ্যক্ষ ছাৰ লিণ্ডচে হয়লে সাংসদসকলৰ বাবে হাউচ অৱ কমন্সত আচৰণ আৰু শিষ্টাচাৰৰ নিয়মবোৰ প্ৰকাশ কৰোঁতে এই কথা স্পষ্টভাবে উল্লেখ কৰিছে।

অধ্যক্ষগৰাকীৰ মতে, টি-চাৰ্ট আৰু শ্লিভলেছ টপবোৰ পেছাদাৰী পোছাক নহয়। সেয়েহে, পুৰুষ আৰু মহিলা সাংসদসকলে সদনত উপস্থিত থাকোতে সেইবোৰ পিন্ধিব নালাগে। সাধাৰণ জোতাৰ সলনি উপযুক্ত জোতা আৰু পুৰুষসকলক টাই আৰু জেকেট পিন্ধিবলৈ কোৱা হৈছে। আনহাতে, সদনত থকাৰ সময়ত গান বা ভজন-কীৰ্তন গাবলৈও অনুমতি দিয়া নহ’ব। দৰাচলতে, ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত লেবাৰ পাৰ্টিৰ এজন সাংসদে সদনত গান গাই প্ৰতিবাদ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অধ্যক্ষ লিণ্ডছে হোয়েলে। হোয়েলৰ পূৰ্বৰ অধ্যক্ষ জন বেৰ্কোৱে অধিক উদাৰ নীতি গ্ৰহণ কৰিছিল আৰু কৈছিল যে সাংসদসকলৰ বাবে কোনো বিশেষ পোছাক বিধি নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া