দেওবাৰ, জানুৱাৰী 23, 2022
Homeৰাষ্ট্ৰীয় খবৰUttar Pradesh:উত্তৰপ্ৰদেশত গেৰুৱা শিৱিৰত খহনীয়াৰ,যোগী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি অখিলেশৰ দলত যোগদান...

Uttar Pradesh:উত্তৰপ্ৰদেশত গেৰুৱা শিৱিৰত খহনীয়াৰ,যোগী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি অখিলেশৰ দলত যোগদান স্বামীপ্ৰসাদ মৌৰ্য

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখথেকেচা যোগী চৰকাৰৰ। বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী স্বামীপ্ৰসাদ মৌৰ্যই মঙলবাৰে ৰাতিপুৱা যোগী আদিত্য নাথৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। তাৰ কেইঘণ্টামান পিছতে অখিলেশ যাদৱৰ উপস্থিতিত সমাজবাদী পাৰ্টিত যোগদান কৰে স্বামীপ্ৰসাদ মৌৰ্যয় ।

স্বামীপ্ৰসাদৰ সৈতে তেঁওৰ ঘনিষ্ঠ দুজন বিধায়ক ৰোশনলাল বাৰ্মা আৰু ভাগৱতীপ্ৰসাদ সাগৰেও বিধায়ক পদৰ পৰা পদত্যাগ কৰি বিজেপি ত্যাগ কৰে। সমাজবাদী পাৰ্টিত যোগদান কৰাৰ পিছত পিছপৰা সম্প্ৰদায়ৰ এজন প্ৰভাৱশালী নেতা স্বামীপ্ৰসাদে কয়, “যোগী চৰকাৰে দলিত বিৰোধী আৰু পিছপৰা বিৰোধী নীতি অনুসৰণ কৰি আছে। দলিত আৰু পিছপৰা লোকসকলক অসন্মান কৰা দেখা গৈছে যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁ দাবী কৰে যে আগন্তুক দিনত অধিক নেতা আৰু বিধায়কে বিজেপি ত্যাগ কৰিব।

এসময়ত মায়াৱতীৰ ঘনিষ্ঠ স্বামীপ্ৰসাদ দুবাৰকৈ উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি আছিল। তেওঁ পূৱ উত্তৰ প্ৰদেশৰ পাদ্ৰোনাৰ পৰা একেৰাহে তিনিবাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে। তেওঁ বিএছপি এৰি ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ আগতে বিজেপিত যোগদান কৰিছিল। স্বামীপ্ৰসাদৰ জীয়ৰী সংঘমিত্ৰা বদাউনে সমষ্টিটোৰ পৰা বিজেপিৰ টিকটত যোৱা লোকসভা নিৰ্বাচনত অখিলেশৰ সম্পৰ্কীয় ভাই ধৰ্মেন্দ্ৰ যাদৱক পৰাজিত কৰি জয়ী হৈছিল।

অখিলেশ যাদৱে মঙলবাৰে স্বামীপ্ৰসাদক দললৈ আদৰণি জনায় আৰু টুইটাৰত লিখিছে, “সামাজিক ন্যায় আৰু সমতাৰ বাবে যুঁজ দিয়া জনপ্ৰিয় নেতা শ্ৰী স্বামীপ্ৰসাদ মৌৰ্যজী আৰু সমাজবাদী পাৰ্টিত তেওঁৰ সৈতে যোগদান কৰা আন নেতা, কৰ্মী আৰু সমৰ্থকসকলক উষ্ম আদৰণি আৰু শুভেচ্ছা জনাইছো। সামাজিক ন্যায়ৰ বিপ্লৱ হ’ব – ২০২২ত সলনি হ’ব। ‘

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

asঅসমীয়া