লতা মংগেশকাৰ নাৰিকল,কাবেৰী বোলা গৰাকী বান্দৰ!

0
166
Google search engine

ভাৰতৰ লগতে বিশ্বৰ সংগীত প্ৰেমীৰ আদৰৰ আৰু অতি শ্ৰদ্ধাৰ শিল্পী লতা মংগেশকাৰক টুইটাৰত সমালোচনা কৰি এতিয়া বিতৰ্কত সোমাই পৰিছে এগৰাকী টুইটাৰ ব্যৱহাৰকাৰী।কুকিলকন্ঠী গায়িকা গৰাকীক সমালোচনা কৰি এতিয়া সকলোৰে গৰিহণাৰ বলি হৈছে এগৰাকী টুইটাৰ ব্যৱহাৰকাৰী।

হিন্দী চিনেমাৰ লগতে ৩৬ টা ভাৰতীয় আঞ্চলিক ভাষাৰ লগতে বিদেশী ভাষাৰ গীততো কণ্ঠ নিগৰাই সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ হৈ পৰা লতা মংগেশকাৰৰ কণ্ঠক একেবাৰে ‘সাধাৰণ কণ্ঠ’বুলি অভিহিত কৰি অপমান কৰে কাবেৰী নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে।তেওঁ টুইট কৰি লিখিছিল ,”লতা মংগেশকাৰৰ কণ্ঠক ভাল কণ্ঠ বুলি ভাবিবলৈ ভাৰতীয় লোকসকলৰ ব্ৰেইনৱাশ্ব কৰি অহা হৈছে”।এই টুইট কৰাৰ পাছতে লতা মংগেশকাৰৰ অনুৰাগী আৰু অনুগামী সকলে গায়িকা গৰাকীক সমালোচনা কৰা টুইটাৰ ব্যৱহাৰ গৰাকীক কঠোৰ সমালোচনা কৰে।

বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত লতা মংগেশকাৰৰ দৰে মহান শিল্পী গৰাকীৰ কন্ঠক উপলুঙা কৰা কাবেৰী নামৰ টুইটাৰ ব্যৱহাৰকাৰী গৰাকীৰ এনে মন্তব্য়ক ধিক্কাৰ দিয়ে বহুতেই।জনপ্ৰিয় কণ্ঠশিল্পী আদনান ছামিয়ে কাবেৰীক সমালোচনা কৰি টুইটাৰত লিখে যে বান্দৰে কি বুজে নাৰিকলৰ মোল!আনৰ আগত মহামূৰ্খ বুলি প্ৰমাণ কৰাতকৈ মনে মনে থকাই ভাল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here