Sunday, January 23, 2022
HomeEntertainmentসপোনবোৰ দেখিছিলো কেতিয়াবা সঁচা হ'ব বুলি…আজি অনুভৱ কৰিছোঁ!

সপোনবোৰ দেখিছিলো কেতিয়াবা সঁচা হ’ব বুলি…আজি অনুভৱ কৰিছোঁ!

অসমত প্ৰতিভাৰ অভাৱ নাই। কি ক্ৰীড়া, কি সংগীত, কি নৃত্য। সমান্তৰালভাৱে অভিনয় জগততো প্ৰতিভাৰ আকাল নাই অসমত। ইতিমধ্যে বহু প্ৰতিভাই সোণ হৈ জিলিকিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্টীয় পৰ্যায়ত। ৰাষ্ট্ৰীয় টেলিভিছনৰ ধাৰাবাহিকত অভিনয়ৰ সুযোগ লাভ কৰিছে অসমৰ এগৰাকী প্ৰতিভাৱান অভিনেত্ৰীয়ে।

কালাৰ্ছ টিভিৰ মেগা ধাৰাবাহিক ‘নিমা ডেনজংপা’ত অভিনয়ৰ সুযোগ পাইছে অসমৰ সুৰভি দাসে। উত্তৰ-পূবৰ যুৱতীৰ কাহিনীৰ ওপৰত আধাৰিত ধাৰাবাহিকখনত অভিনয় কৰিব সুৰভিয়ে। ইতিমধ্যে অসমৰ বিভিন্ন ভিডিঅ, ফটো শ্বুট, ধাৰাবাহিক আৰু নাট্য জগততো ভুমুকি মাৰিছে সুৰভিয়ে।

অসমৰ পিছত এইবাৰ মুম্বাইৰ বহল পৰিসৰত অভিনয়ৰ সুযোগ পাইছে সুৰভিয়ে। সুৰভিয়ে নিজেই লিখিছে- সপোনবোৰ দেখিছিলো কেতিয়াবা সঁচা হ’ব বুলি, কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো । মৰম আৰু আশীৰ্বাদ কৰিব সদায় চেষ্টা কৰি যাম । জয় আই অসম।

এই পোষ্টটোৰ পিছতে সকলোৱে শুভেচ্ছা জনাইছে সুৰভি দাসক। সুৰভিৰ আশা পূৰণ হওক। ৰাষ্ট্ৰীয় পৰ্যায়তো অব্যাহত ৰাখক সফলতাৰ জয়যাত্ৰা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish