Accident: শোকাৱহ! বাছ দুৰ্ঘটনাৰ ফলত ৬ জনৰ মৃত্যু

0
4047
Google search engine

মেঘালয়ত সংঘটিত হৈছে এক শোকাৱহ বাছ দুৰ্ঘটনা। মেঘালয়ৰ তুৰাৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰা বাছখন নিশা প্ৰায় ১২ বজাত নংচ্চৰমৰ ৰিংদি নদীত বাগৰি পৰে। বাছখনত প্ৰায় ২১ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দুৰ্ঘটনাটোৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ পিছতে উদ্ধাৰকাৰী দল আৰু জৰুৰীকালীন সেৱা পীড়িতসকলক সহায় কৰিবৰ বাবে দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

নদীৰ পৰা চাৰিটা মৃতদেহ তুলি অনা হৈছে যদিও বাছখনৰ ভিতৰত এতিয়াও দুটা মৃতদেহ আৱদ্ধ হৈ আছে। ইতিমধ্যে ষোল্লজন যাত্ৰীক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে জনায়। বাছখনৰ চালকজনকো মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here