About Us

নিৰপেক্ষ, মুক্ত আৰু নিৰ্ভীক বাতৰিৰ বিশ্বস্ত উৎস নিউজনাওলৈ স্বাগতম । নিউজনাওৰ যুৱ আৰু উদ্যমী সাংবাদিকৰ দলটো আপোনাক সত্য, পক্ষপাতহীন সমলৰ ওপৰত গুৰুত্ব দি বাতৰি পৰিৱেশনৰ বাবে সমৰ্পিত ।

মিডিয়া বাইট ভেঞ্চাৰছে জানুৱাৰী, 2020 চনত প্ৰতিষ্ঠা কৰা নিউজনাৱে আৰম্ভণিৰ পৰাই সংবাদ জগতখনত আপোচহীন সাংবাদিকতাৰ শক্তিশালী পদচিহ্ন ৰাখি আহিছে। আৰম্ভণিৰ পৰাই পক্ষপাতহীন, মুক্ত আৰু নিৰ্ভীকতাৰে সংবাদ পৰিবেশন কৰি নিউজনাৱে অতি কম সময়ৰ ভিতৰতে সকলো ডিজিটেল মিডিয়া প্লেটফৰ্মত সৰ্বাধিক বিশ্বাসী আৰু সৰ্বাধিক প্ৰচাৰিত সংবাদ মাধ্যম হিচাবে পৰিগণিত হৈছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্বৰে, নিউজনাৱে জনস্বাৰ্থ জড়িত বিভিন্ন বিষয়ত চৰকাৰক প্ৰশ্ন কৰি বাতৰি পৰিৱেশন কৰি আহিছে। নিউজনাৱে ৰাজনীতি, অৰ্থনীতি, সামাজিক সমস্যা, মহিলাৰ সমস্যা, জীৱনশৈলী, প্ৰযুক্তি, সাংস্কৃতিক বিষয়, ক্ৰীড়া আদিৰ ওপৰত বাতৰি প্ৰচাৰিত কৰি আহিছে।

নিউজনাওৰ মুখ্য সম্পাদক হিচাপে নেতৃত্বত আছে শ্ৰী খগেন কলিতা । তেখেত বিগত ২৮ বছৰ ধৰি সাংবাদিকতাৰ বিশাল অভিজ্ঞতাৰে পৰিপুষ্ট। তেখেত অসমৰ বিভিন্ন বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমত বিভিন্ন জেষ্ঠ পদবীত কাম কৰি আহিছে। নিউজনাওৰ নিৰ্ভীক, নিৰপেক্ষ, অদমনীয় শক্তিৰ উৎস যুৱ সাংবাদিকৰ দলটো।

নিউজ নাউৰ কোনো বাতৰি সন্দৰ্ভত পৰামৰ্শ / অভিযোগ (এই লিংক ক্লিক কৰক) থাকিলে, নিউজ নাউৰ মুখ্য সম্পাদকক newznow1@gmail.com ত ইমেইলৰ জড়িয়তে যোগাযোগ কৰিব পাৰে।