Sunday, January 23, 2022
HomeEntertainmentউভতি নহাৰ বাটেৰে গুচি গল 'ঠাকুৰ সজ্জন সিং', অভিনেতা অনুপম শ্যামৰ ৬৩...

উভতি নহাৰ বাটেৰে গুচি গল ‘ঠাকুৰ সজ্জন সিং’, অভিনেতা অনুপম শ্যামৰ ৬৩ বছৰ বয়সত দেহাৱসান

চলচ্চিত্ৰ আৰু টিভি জগতৰ চিনাকী নাম জনপ্ৰিয় অভিনেতা অনুপম শ্যাম আৰু নাই। ৬৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰবীন অভিনেতাজনে। মুম্বাইৰ গোৰেগাঁৱৰ লাইফলাইন হাস্পতালত দেহাৱসান ঘটে অনুপম শ্যামৰ।

মন কী আৱাজ প্ৰতীজ্ঞা ধাৰাবাহিকত ঠাকুৰ সজ্জন সিং চৰিত্ৰত অভিনয় কৰি প্ৰচুৰ খ্যাতি অৰ্জন কৰিছিল। কেইবাখনো ছুপাৰহিট ছবিত দুৰ্দান্ত অভিনয় কৰিছিল অনুপম শ্যামে। দ্য লিটিল বুদ্ধা, শ্লামডগ মিলিয়নাৰ ছবিত অভিনয় কৰিছিল অনুপম শ্যামে। পান সিং টোমৰ, দিল ছে, নায়ক, লগান আৰু লজ্জা, সত্যা, জখম, কচ্চে ধাগে, তক্ষক, ৱবন্দৰ, কছুৰ, হাজাৰ চৌৰাশী কী মা, পৰজানিয়া, হাল্লাবোল ঔৰ ৰক্তৰচিত, দুষ্মন ছবিতো অভিনয় কৰিছিল।

অধিকাংশ ছবিতে নিগেটিভ চৰিত্ৰত অভিনয় কৰিছিল অনুপম শ্যামে। ১৯৫৭ চনৰ ২০ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত জন্ম হৈছিল অনুপম শ্যামৰ। যোৱা বছৰৰ পৰা কেইবাটাও ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল অভিনেতাজন। অনুপম শ্যামৰ দেহাৱসানত অভিনয় জগতত শোকৰ ছাঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish