Sunday, January 23, 2022
HomeEntertainmentঅমিতাভ বচ্চনৰ বাসগৃহ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ছেকেণ্ডত মুম্বাইৰ ৩টা বাসগৃহ উৰুৱাই...

অমিতাভ বচ্চনৰ বাসগৃহ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ছেকেণ্ডত মুম্বাইৰ ৩টা বাসগৃহ উৰুৱাই দিয়াৰ ভাবুকি, মুম্বাই আৰক্ষীত হাহাকাৰ!

এটা ফোনকলক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষীত হাহাকাৰ। বিগ বি অমিতাভ বচ্চনৰ বাসগৃহ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি অজ্ঞাত লোকৰ। মাজনিশা ফোনযোগে মুম্বাইৰ ৩টা অতি গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে অচিনাক্ত দুৰ্বৃত্তই। নিশা মুম্বাই আৰক্ষীৰ মুখ্য নিয়ন্ত্ৰণ কক্ষলৈ হছাতে ফোন কৰি বোমা মজুত কৰাৰ দাবী অজ্ঞাত লোকৰ।

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল, বাইকুলা আৰু দাদৰ ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। সাগৰমুখী জুহুস্থিত অমিতাভ বচ্চনৰ বাসগৃহ বোমাৰে তচনচ কৰাৰ ভাবুকি প্ৰদান কৰে অজ্ঞাত লোকে। অজ্ঞাত লোকৰ ফোনকলৰ পিছতে মুম্বাই আৰক্ষীৰ মাজত হুৱাদুৱা লাগে। মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনেল, বাইকুলা আৰু দাদৰ ষ্টেচনত বোমাৰ সন্ধানত আৰক্ষীয়ে চলাই আছে তালাচী অভিযান।

বিগ বিৰ মনোমোহা বাসগৃহৰ সন্মুখত বৃদ্ধি কৰা হৈছে সুৰক্ষা ব্যৱস্থা। কেইবাঘণ্টা আৰক্ষীয়ে অভিযান চলাই বোমা উদ্ধাৰ কৰিব নোৱাৰাত এই ফোনকল ভুৱা বুলি প্ৰকাশ কৰিছে। লগতে সাধাৰণ লোক শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি প্ৰকাশ কৰিছে।

ইতিমধ্যে ভুৱা ফোন কৰি ভাবুকি প্ৰদান কৰা দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে দুজন লোকক। কিয় এই পৰিকল্পনা কৰিছিল অথবা ইয়াৰ আঁৰত থকা ষড়যন্ত্ৰৰ আঁত বিচাৰি দুয়োজন লোকক জেৰা অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish