বীৰাংগনা সতী সাধনীৰ জীৱনক লৈ চিনেমা ! সাধনীৰ চৰিত্ৰত থাকিব দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী

0
417
Google search engine

সতী সাধনী৷ দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনী।প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম সতী সাধনী। সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। এইগৰাকী বীৰাংগনা নাৰীৰ ওপৰতে নিৰ্মাণ হবলৈ গৈ আছে এখন চিনেমা৷ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ উদ্যোগত নিৰ্মাণ হব চিনেমাখন৷

চিনেমাখনৰ জৰিয়তে সতী সাধনীৰ জীৱনৰ লগতে চুতীয়া ইতিহাস তুলি ধৰা হব৷ চিনেমাখন সাধনী নামেৰে মুক্তি পাব৷ হয়তো নাম সলনিও হব পাৰে৷ পৰিচালনা জনপ্ৰিয় পৰিচালক বিশ্বজিৎ বৰাৰ৷ এই চিনেমা অসমীয়া আৰু হিন্দী ভাষাত নিৰ্মাণ হোৱাৰ লগতে ইংৰাজী ভাষাৰ ছাব টাইটেল থাকিব৷ অহা ৮ ফ্ৰেব্ৰুৱাৰীত লতাশিলত শুভ মহুৰৎ হব৷ উল্লেখ্য যে এইখন হব অসমৰ প্ৰথমখন 3d চিনেমা৷ অসম আৰু অসমৰ বাহিৰৰ অভিনেতা-অভিনেত্ৰীৰ ভৰপূৰ সমাহাৰ দেখিবলৈ পাব দৰ্শকে৷ সাধনীৰ চৰিত্ৰত থাকিব দক্ষিণ কোৰিয়াৰ অভিনেত্ৰী৷

৩ খন যুদ্ধ দেখুওৱা হব৷ গ্ৰাফিক্সত থাকিব বলীউডৰ টিম৷ চিত্ৰনাট্য ৰচনা কৰিব হলিউডৰ চিত্ৰনাট্যকাৰে, লগত থাকিব ৬ জনীয়া দল৷ দৃশ্যগ্ৰহণ অসমৰ লগতে মুম্বাই, হাইদৰাবাদ ফিল্ম চিটিত কৰা হব৷ চিনেমাখনত বাণিজ্যিক দিশৰ প্ৰতিও লক্ষ্য ৰখা হব৷ সতী সাধনীৰ জীৱন ৰূপালী পৰ্দাত চাবলৈ দৰ্শকে অপেক্ষা কৰিব লাগিব ২০২২ চনলৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here