গোলাঘাটত অঘটন! ৰাইফলেৰে গুলীয়াই আত্মহত্যা ASRF জোৱানৰ

0
367
Google search engine

গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰিলে থানাখনত নিয়োজিত এজন এ এছ আৰ এফ জোৱানে। জোৱানজনৰ নাম মনোৰঞ্জন সিনহা।

ঘিলাধাৰী থানাৰ নিজ বেৰেকত এটা ৭.৬২ এম এম এচ এল আৰ ৰাইফলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে এই জোৱানজনে। পুৱতি নিশা প্ৰায় ৩ বাজি ৫০ মিনিটত আত্মহত্যা কৰে।

পুৱতি নিশা হোৱা গুলিৰ শব্দত উচপ খাই উঠে বেৰেকত থকা অন্য জোৱানসকল।মৃত জোৱান মনোৰঞ্জন সিনহাৰ পৰিয়াল গুৱাহাটীত থাকে যদিও প্ৰকৃত ঘৰ কাছাৰ জিলাৰ পাখিবাহা গাঁৱত। মনোৰঞ্জন সিনহাৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। গোটেই নিশা থানাত কৰ্তব্য পালন কৰি বেৰেকলৈ উভতি গৈয়েই জোৱানজনে আত্মহত্যাৰ পথ বাচি লয়।অৱশ্যে কি কাৰণত জোৱান মনোৰঞ্জন সিনহাই আত্মহত্যা কৰিলে সেইকথা এতিয়াও পোহৰলৈ অহা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here