Monday, October 18, 2021
HomeRegionalFake Marksheet: ভুৱা মাৰ্কশ্বিট-চাৰ্টিফিকেট দি টেট শিক্ষকৰ চাকৰি লোৱা ৭গৰাকী আৰক্ষীৰ জালত

Fake Marksheet: ভুৱা মাৰ্কশ্বিট-চাৰ্টিফিকেট দি টেট শিক্ষকৰ চাকৰি লোৱা ৭গৰাকী আৰক্ষীৰ জালত

ৰাজ্যত এতিয়া ভুৱা শিক্ষকৰ দপদপনি। ভুৱা মাৰ্কশ্বিট-চাৰ্টিফিকেট দি টেট শিক্ষকৰ চাকৰি লোৱা ৭গৰাকী আৰক্ষীৰ জালত। ২৪ ঘণ্টাত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ৭গৰাকী পুৰুষ-মহিলাক। তামুলপুৰত ৩গৰাকী ভুৱা টেট শিক্ষয়িত্ৰীক আটক আৰক্ষীৰ। নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰিছে তিনিওগৰাকী ভুৱা টেট শিক্ষয়িত্ৰীক। বিশেষ অনুসন্ধান শাখাই গুৱাহাটীলৈ আনিছে ধৃত কাজলী বড়ো, অনিতা বড়ো আৰু ভবানী বড়ো নামৰ ৩ ভুৱা টেট শিক্ষয়িত্ৰীক। টেট শিক্ষকৰ প্ৰমাণ পত্ৰৰ জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ।

যোৱা ২৪ ছেপ্টেম্বৰত বিটিচি শিক্ষা সঞ্চালকে প্ৰকাশ কৰিছিল ৫২জনীয়া ভুৱা শিক্ষকৰ তালিকা। সেই তালিকাৰ ভিত্তিত তামুলপুৰ আৰক্ষীয়ে ৩গৰাকী ভুৱা শিক্ষয়িত্ৰীক আটক কৰে। আনহাতে, হাজোতো নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই ভুৱা মাৰ্কশ্বিটেৰে টেটত নিযুক্তি পোৱা ৪গৰাকী টেট শিক্ষকক আটক কৰিবলৈ সক্ষম হয়। ধৃত আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন, মনোৱাৰ খান আৰু ছহিবুৰ ৰহমান। চিৰাং আৰু বাক্সাত নিযুক্তি পাইছিল চাৰিওজনে। এমাহ পূৰ্বে ভুৱা তথ্য দি লৈছিল টেট শিক্ষকৰ চাকৰি। চাৰিওজন টেট শিক্ষকক জেৰা অব্যাহত ৰাখিছে কামৰূপ আৰক্ষীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish