বাওনাৰ দেশ হ’ব ভাৰত! হ্ৰাস পাইছে ভাৰতীয়ৰ উচ্চতা

0
497
Google search engine

ভাৰতীয়সকলৰ বাবে দুখবৰ। উচ্চতা হ্ৰাস পাইছে ভাৰতীয়সকলৰ। অতীতৰ কেইবাটাও অধ্যয়নে দেখুৱাইছে যে সমগ্ৰ বিশ্বত প্ৰাপ্তবয়স্কসকলৰ গড় উচ্চতা বৃদ্ধি পাইছে কিন্তু এই প্ৰৱণতাৰ বিপৰীতে ভাৰতত প্ৰাপ্তবয়স্কসকলৰ গড় উচ্চতা উদ্বেগজনক হাৰত হ্ৰাস পাইছে। ১৯৯৮ চনৰ পৰা ২০১৫ চনলৈ ভাৰতত প্ৰাপ্তবয়স্কৰ উচ্চতাৰ প্ৰৱণতা হ্ৰাস পাইছে। এই তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপৰ এক অধ্যয়ন অনুসৰি।

অধ্যয়নকাৰীসকলে কয় যে ভাৰতীয় প্ৰাপ্তবয়স্কসকলৰ গড় উচ্চতা হ্ৰাস কেৱল এক আনুবংশিক কাৰকৰ বাবে নহয় বিভিন্ন অনা-আনুবংশিক কাৰক যেনে জীৱনশৈলী, পুষ্টি, সামাজিক আৰু অৰ্থনৈতিক নিৰ্ধাৰক ইত্যাদি কাৰণৰ বাবেও হ্ৰাস পাইছে ভাৰতীয়সকলৰ উচ্চতা। মহিলাৰ গড় উচ্চতা প্ৰায় ০.৪২ ছেঃমি হ্ৰাস হৈছে আৰু পুৰুষৰ গড় উচ্চতা ১.১০ ছেঃমি হ্ৰাস পাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here