Monday, October 18, 2021
HomeNationalBangladesh: অনুষ্ঠানৰ মাজত বিজ্ঞাপন দিব নোৱাৰিব! বন্ধ কৰি দিলে কেইবাটাও চেনেল

Bangladesh: অনুষ্ঠানৰ মাজত বিজ্ঞাপন দিব নোৱাৰিব! বন্ধ কৰি দিলে কেইবাটাও চেনেল

অনুষ্ঠান চলি থকাৰ মাজত বিজ্ঞাপন চলোৱাৰ বাবেই বন্ধ কৰি দিলে কেইবাটাও চেনেল। বিজ্ঞাপনৰ বাবে দৰ্শকে অসুবিধা পোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰাৰ বাবেই বন্ধ কৰি দিয়া হল কেইবাটাও টিভি চেনেল। বাংলাদেশৰ কেবল অপাৰেটৰ সংস্থাসমূহে চৰকাৰৰ নিৰ্দেশ অনুসৰি বন্ধ কৰিছে সম্প্ৰচাৰ। এতিয়াৰে পৰা বাংলাদেশৰ কেবল টেলিভিছন নেটৱৰ্ক আইনৰ ১৯(১৩) ধাৰা অনুসৰি বন্ধ থাকিব চেনেলসমূহৰ সম্প্ৰচাৰ। কেইবাটাও বিদেশী টিভি চেনেলৰ অনুষ্ঠান দৰ্শকে উপভোগ কৰিব নোৱাৰিব বাংলাদেশত।

১৯(১৩) ধাৰা অনুসৰি কোনো বিদেশী টেলিভিছন চেনেলেই অনুষ্ঠানৰ মাজত বিজ্ঞাপন সম্প্ৰচাৰ কৰিব নোৱাৰিব। বাংলাদেশ চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰে এই নিৰ্দেশনা। ইয়াৰ পিছতে কেবল অপাৰেটৰ এছচিয়েচন অৱ বাংলাদেশে বন্ধ কৰিছে বিদেশী চেনেলৰ সম্প্ৰচাৰ। এই সিদ্ধান্তৰ পিছতে সমগ্ৰ বাংলাদেশত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। অনুষ্ঠানৰ মাজত বিজ্ঞাপনে বিৰক্ত কৰিলেও চেনেল সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পক্ষপাতী নহয় অধিকাংশ বাংলাদেশৰ দৰ্শক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish