Monday, October 18, 2021
HomeNationalভৱানীপুৰতো নন্দীগ্ৰামৰ দৰে হ'ব মহাৰণ! মমতা বেনাৰ্জীৰ বিপক্ষে কাক বিজেপিৰ প্ৰাৰ্থিত্ব?

ভৱানীপুৰতো নন্দীগ্ৰামৰ দৰে হ’ব মহাৰণ! মমতা বেনাৰ্জীৰ বিপক্ষে কাক বিজেপিৰ প্ৰাৰ্থিত্ব?

পশ্চিম বংগৰ ৩খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত ৰাজনৈতিক কুচকাৱাজ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম আসনত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হোৱাৰ পিছত উপ-নিৰ্বাচনত অৱতীৰ্ণ হব লাগিব। ভৱানীপুৰত মমতা বেনাৰ্জীক জয়ী কৰাবলৈ দিন ঘোষণাৰ লগে লগে টিএমচিয়ে প্ৰচাৰ অভিযানত নামি পৰিছে। তৃণমূল কংগ্ৰেছে ভৱানীপুৰ, চামছেৰগঞ্জ আৰু জংগীপুৰ আসনৰ উপনিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। মমতা বেনাৰ্জীয়ে ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে জাকিৰ হুছেইনে জংগীপুৰ আৰু আমিৰুল ইছলাম চামছেৰগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

ইফালে, মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভৱানীপুৰৰ পৰা কাক প্ৰাৰ্থিত্ব দিয়া হব তাক লৈ চলিছে সৰৱ চৰ্চা। অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা ৰুদ্ৰনীল ঘোষ, প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়, তৃণমূলৰ প্ৰাক্তন সাংসদ দীনেশ ত্ৰিবেদী আৰু বিজেপি নেতা ড০ অনিৰ্বাণ গাংগুলীৰ নাম চৰ্চাত আছে। যোৱা ২০১১ আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনত ভৱানীপুৰৰ পৰা জয়ী হৈছিল মমতা বেনাৰ্জীয়ে। ইফালে, ৰাজ্যখনৰ ৭টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল, কিন্তু মাত্ৰ ৩খন বিধানসভা আসনত উপ-নিৰ্বাচন ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে কেনেকৈ এই দ্বৈত মনোভাৱ গ্ৰহণ কৰিব পাৰে? পশ্চিম বংগ বিজেপিৰ প্ৰশ্ন। এই বিষয়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষে বিষয়টোত আইনী পৰামৰ্শ বিচৰা আৰম্ভ কৰিছে। কিন্তু বিজেপি আদালতলৈ যাব নে নাই সেয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে দিল্লীৰ পৰা সেউজ সংকেত লাভ কৰে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনখনক লৈ আন এক পৰিৱেশ সূচনা হব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish