Sunday, January 23, 2022
HomeNationalBhutan Rupees: ভূটানী মুদ্ৰা বৰ্জনৰ কঠোৰ সিদ্ধান্ত অসমৰ ৩৩খন গাঁৱৰ

Bhutan Rupees: ভূটানী মুদ্ৰা বৰ্জনৰ কঠোৰ সিদ্ধান্ত অসমৰ ৩৩খন গাঁৱৰ

চিৰাঙৰ ভূটান সীমান্তৰ বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনে ভূটানী মুদ্ৰাৰ অবাধ প্রচলন হৈ আহিছে। ভূটানী মুদ্ৰাৰ প্ৰচলন বন্ধৰ ক্ষেত্ৰত প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাত এইবাৰ ভূটান সীমান্তবাসীয়ে নিজেই সিদ্ধান্ত গ্ৰহণ কৰিছে। সীমান্তৰ ৩৩খন গাঁৱৰ লোকে একত্ৰিত হৈ গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত। সীমান্তৰ যিসকল লোকৰ হাতত ভূটানী মুদ্ৰা আছে, সেই মুদ্ৰাসমূহ জানুৱাৰীৰ ভিতৰত ভাৰতীয় মুদ্ৰা কৰি লব লাগিব। অন্যথা জানুৱাৰীৰ পিছত কোনো লোকে ভূটানী মুদ্ৰা ব্যৱহাৰ কৰিলে তাৰ ওপৰত আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে গাঁওবুঢ়াসকলৰ। ৰুণীখাতাৰ পৰা শান্তিপুৰ অঞ্চললৈকে এই মুদ্ৰাসমূহ বন্ধ কৰাৰ বাবে ইতিমধ্যে মাইকযোগে সজাগতা অভিযান চলাই থকা হৈছে। সহযোগৰ বাবে আগবাঢ়ি আহিছে চিৰাং জিলা সমিতি আমছু, এবিএমছুৰ লগতে অন্যান্য দল-সংগঠনো। উল্লেখ্য যে, অবৈধভাবে প্ৰচলিত ভূটানী নোটসমূহ বঙাইগাঁও নাইবা অসমৰ আন জিলালৈ আহিলে ভূটানী মুদ্ৰা চলাব নোৱাৰাত অসুবিধাত পৰিবলগীয়া হয় সীমান্তবাসী।r

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish