Sunday, January 23, 2022
HomeNationalBipin Rawat: বেয়া বতৰৰ বাবে সংঘটিত হৈছিল CDS বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনা!

Bipin Rawat: বেয়া বতৰৰ বাবে সংঘটিত হৈছিল CDS বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনা!

প্ৰতিকুল বতৰৰ বাবে সংঘটিত হৈছিল CDS বিপিন ৰাৱটৰ শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। বতৰৰ তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে মেঘৰ মাজত সোমাই পৰিছিল MI-17V5 হেলিকপ্টাৰখন। যোৱা বছৰৰ ৮ ডিচেম্বৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ তদন্তকাৰী দলৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ এই কথা। ভাৰতৰ সামৰিক বাহিনীৰ তিনিওটা শাখাৰ একাধিক বিশেষজ্ঞকলৈ এই যুটীয়া তদন্ত সমিতি গঠন কৰা হৈছিল। প্ৰতিৰক্ষা বিভাগক ইতিমধ্যে ঘটনাৰ তদন্ত সমিতিয়ে দাখিল কৰিছিল এই প্ৰতিবেদন। তিনি সেনাবাহিনীৰ সন্মিলিত এই তদন্তৰ নেতৃত্বত আছিল চীফ অব এয়াৰ ষ্টাফ, এয়াৰ চীফ মাৰ্শ্বাল ভি. আৰ. চৌধাৰী আৰু এয়াৰ মাৰ্শ্বাল মানৱেন্দ্ৰ সিং। দেশৰ প্ৰথমগৰাকী CDS বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীসহ মুঠ ১৪গৰাকী যাত্ৰী কঢ়িয়াই নিয়া অত্যাধুনিক MI-17V5 হেলিকপ্টাৰখন সেইদিনা বতৰৰ তাৎক্ষণিক পৰিৱৰ্তনৰ বাবে হঠাৎ মেঘৰ মাজত সোমাই পৰিছিল আৰু হেলিকপ্টাৰখনৰ পাইলটে হেৰুৱাই পেলাইছিল নিয়ন্ত্ৰণ। অপৰিচিত দুৰ্যোগপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰ্যাপ্ত প্ৰশিক্ষণৰ অভাৱৰ বাবে হেলিকপ্টাৰখনৰ পাইলটে সেইসময়ত সুৰক্ষিত লেন্ডিং কৰাব নোৱাৰিলে। ফলত মুহূৰ্ততে সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা। তামিলনাডুৰ কুন্নুৰ উপত্যকাত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। ইয়াৰ পিছতে বহু প্ৰশ্নৰ উদয় হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish