Sunday, January 23, 2022
HomeNationalUtter Pradesh:বিজেপিয়ে ঘোষণা কৰিলে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

Utter Pradesh:বিজেপিয়ে ঘোষণা কৰিলে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে গেৰুৱা দল বিজেপিয়ে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যাৰ সলনি গোৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷ গোৰখপুৰৰ নিৰ্বাচনী প্ৰাৰ্থী যোগী আদিত্যনাথ হোৱাৰ বিপৰীতে চিৰাথুৰ পৰা উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫৮ খন আসনৰ ভিতৰত বিজেপিয়ে ৫৭ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে । দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫৫ খন আসনৰ প্ৰাৰ্থীসকলৰ নামো ঘোষণা কৰে দলটোৱে ৷

উল্লেখ্য যে, যোগী আদিত্যনাথ গোৰখপুৰৰ পাঁচবাৰৰ লোকসভাৰ সদস্য আছিল ।বিজেপিয়ে বিগত পাঁচ বছৰত উত্তৰ প্ৰদেশত কল্যাণমূলক কাৰ্য সাধন কৰাৰ লগতে সু-শাসন প্ৰদান কৰিছে ৷ ২০২২ চনৰ নিৰ্বাচনৰ জৰিয়তে উত্তৰ প্ৰদেশৰ ৰাইজে পুনৰ গেৰুৱা দলটোক আদৰি ল’ব বুলি প্ৰধানে সংবাদমেলখনত সদৰী কৰে ৷আনহাতে, ১০ ফেব্ৰুৱাৰীৰ পৰা সাতটা পৰ্যায়ত ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ যাৰ বাবে ইতিমধ্যে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যক প্ৰয়াগৰাজৰ চিৰাথুৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷ইয়াৰ বিপৰীতে শ্ৰীকান্ত শৰ্মাক মথুৰাৰ পৰা আৰু মৃগানকা সিঙক মথুৰাৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । এটা কথা উল্লেখ কৰিব লাগিব যে, বৰ্তমানৰ 83 গৰাকী বিধায়কৰ ভিতৰত 63 গৰাকীক প্ৰদান কৰা হৈছে টিকট ৷ ইয়াৰ বাহিৰৰ টিকট প্ৰাপ্তসকল উত্তৰ প্ৰদেশৰ ৰাজনীতিত নতুন মুখ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish