সুনীল ছেট্টীৰ বাসভৱন ছীল কৰিলে বিএমচিয়ে! কিন্তু কিয়?

0
30364
Google search engine

বলীউডৰ প্ৰখ্যাত অভিনেতা সুনীল ছেট্টীৰ বাসভৱন ছীল। দক্ষিণ মুম্বাইৰ এল্টামাউণ্ট ৰোডত থকা ‘পৃথিৱী এপাৰ্টমেণ্ট’ নামৰ অট্টালিকাটোত থাকে সুনীল ছেট্টী। সুনীল ছেট্টীয়ে তেওঁৰ পৰিয়ালৰ সৈতে ‘পৃথিৱী এপাৰ্টমেণ্ট’ৰ অষ্টাদশ মহলাত বাস কৰে।

বৃহনমুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে ছীল কৰিলে অভিনেতাগৰাকীৰ মুম্বাইৰ বাসভৱন। কোভিড সংক্ৰমণক নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থতে মিউনিচিপাল কৰ্প’ৰেচন ছীল কৰি দিয়ে তাৰকাগৰাকীয়ে বাস কৰা অট্টালিকা। অট্টালিকাটোত ক’ৰোনা সংক্ৰমণৰ ৫টাকৈ ঘটনা চিনাক্ত হোৱাৰ পাছত মিউনিচিপাল কৰ্প’ৰেচনে অট্টালিকাটো ছীল কৰি দিয়ে। সুনীল ছেট্টীৰ লগতে তেওঁৰ পৰিয়াল সুৰক্ষিত অৱস্থাত আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here