Monday, October 18, 2021
HomeNationalলাভলীনাৰ বিষয়ে নজনা কথাকেইটা...

লাভলীনাৰ বিষয়ে নজনা কথাকেইটা…

লাভলীনা প্ৰতিগৰাকী অসমীয়াৰ আবেগ। টকিঅ’ত ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে লাভলীনা বৰগোহাঁইয়ে। অলিম্পিকত স্বৰ্ণপদকৰ সপোন পূৰণ নহ’ল যদিও প্ৰথমগৰাকী অসমীয়া ৰূপে অলিম্পিকত পদক জয় কৰি ৰচিলে স্বৰ্ণিল ইতিহাস।

বিজেন্দৰ সিং আৰু এম চি মেৰীকমৰ পিছত অলিম্পিকত পদক লাভ কৰা দেশৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে পৰিগণিত হ’ল লাভলীনা। ছোৱালী অথবা কন্যা বুলি ইতিকিং কৰা, মৰম-সন্মানৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দেশৰ জীয়ৰী-মহিলাৰ বাবে আজি আদৰ্শ লাভলীনা।

টকিঅৰ ক্ৰীড়ামঞ্চৰ পৰাই দেশবাসীক দিলে বেটী বচাও, বেটী পঢ়াওৰ আচল গূঢ়াৰ্থ। অসমৰ এক ভিতৰুৱা অঞ্চলৰ পৰা বিশ্বদৰবাৰত দপদপাই থকা লাভলীনা বহুক্ষেত্ৰত প্ৰথম।

আহক জানো লাভলীনাৰ বিষয়ে কেইটামান নজনা কথা-

১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাট জিলাৰ বৰথাৰৰ বাৰমুখীয়াত জন্মগ্ৰহণ কৰিছিল লাভলীনা বৰগোঁহাইয়ে।

বাৰমুখীয়া গাঁৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই।

অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোহাঁই।

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলা লাভলীনা

দেশৰ বিশ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাখনলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী বক্সাৰ

অসমৰ প্ৰথম মহিলা আৰু দ্বিতীয়গৰাকী বক্সাৰ হিচাপে অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিছিল লাভলীনাই।

ইয়াৰ পূৰ্বে শিৱ থাপাই অলিম্পিকত খেলাৰ সুযোগ পাইছিল অলিম্পিকত

২৩ বছৰীয়া বয়সতে প্ৰথমখন অলিম্পিকতে পদক অৰ্জন কৰা উঃ-পূবৰ দ্বিতীয়গৰাকী খেলুৱৈ।

ইয়াৰ পূৰ্বে ২০১২ চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল এম চি মেৰীকমে।

অলিম্পিকত উঃ-পূৰ্বাঞ্চলৰ হৈ পদক লাভ কৰা তৃতীয়গৰাকী খেলুৱৈ।

অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে যোৱা বছৰ ১৫ অক্টোবৰৰ পৰা ৫ ডিচেম্বৰলৈকে ইটালীত প্ৰস্তুতি চলাইছিল লাভলীনাই।

২০২০ বৰ্ষত অৰ্জুন পুৰস্কাৰেৰে সন্মানিত হৈছিল।

ইয়াৰ বাবে একেৰাহে ২৬ দিন কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল লাভলিনাই।

২০১৮ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

২০১৯ বৰ্ষতো বিশ্ব চেম্পিয়নশ্বিপত দখল কৰিছিল ব্ৰঞ্জৰ পদক।

২০১৭ আৰু ২০২১ৰ এছিয়ান চেম্পিয়নশ্বিপত জয় কৰিছিল ব্ৰঞ্জৰ পদক।

২০১১ চনত সৰুপথাৰত ভাৰতীয় খেল প্ৰাধিকৰণৰ সন্মুখত প্ৰদৰ্শন কৰিছিল নিজৰ প্ৰতিভা। ৩ মাহৰ পাছত গুৱাহাটী ছাই কেন্দ্ৰলৈ নিৰ্বাচিত হৈছিল লাভলীনা।

কলকাতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত আনৰ পোচাক পিন্ধি অৱতীৰ্ণ হৈছিল।

স্কুলীয়া দিনত চাহ পুলি, চেগুন পুলি ৰুই ভাল পাইছিল লাভলীনাই।

প্ৰথমাৱস্থাত মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হৈছিল লাভলীনা। প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত আহৰণ কৰিছিল মোৱা-থাইৰ টিপছ।যোৰহাট আৰু ঝাৰখণ্ডৰ মোৱা-থাইৰ প্ৰতিযোগিতাত পদক জিনিছিল লাভলীনাই। সোণাপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত লাভ কৰিছিল সোণৰ পদক।

অলিম্পিকত পদকজয়ী প্ৰথম অসমীয়া ৰূপে ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম সজীৱ কৰিলে লাভলীনা বৰগোহাঁইয়ে।

বিশ্বাসৰ এক সমল লাভলীনা, লাভলীনাৰ কথাৰে-আকাশ চুব পাৰে সকলোৱে, লাগে মাথো আত্মবিশ্বাস। সকলোৱে বিচাৰিছে লাভলীনাই দেখুৱাই দিয়া বাটেৰে ওলাই আহক অলেখ প্ৰতিভা। নতুন প্ৰজন্মৰ বাবে সম্ভাৱনাৰ বাট কাটি দিলে, এই বাটেৰে বাট বুলিব লাগিব উত্তৰ প্ৰজন্ম, উদীয়মান অসমীয়া।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish