Sunday, January 23, 2022
HomeWorldBrazil Mishap: পৰ্যটকৰ নাঁওত খহি পৰিল পৰ্বত, নিহত ৫ জন,...

Brazil Mishap: পৰ্যটকৰ নাঁওত খহি পৰিল পৰ্বত, নিহত ৫ জন, সন্ধানহীন ২০ জন

বছৰৰ আৰম্ভনিতেই এক অঘটন। বিপদ কেতিয়া আহে কোনেও ক’ব নোৱাৰে। হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰি থাকোতেই খহি পৰিল পৰ্বতৰ এটা অংশ। ঘটনাত পাঁচজন পৰ্যটকৰ মৃত্যু হয় আৰু ২০ জন সন্ধানহীন হোৱাৰ লগতে আহত হয় বহুতোলোক। এই ভয়ংকৰ ঘটনাটো ব্ৰাজিলৰ ফুৰ্ণাছ হ্ৰদত সংঘটিত হৈছে। শেহতীয়াকৈ এই ভিডিঅ’টো পোহৰলৈ আহিছে।

ফুৰনাছ হ্ৰদ পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী। পৰ্বতৰ পৰা অহা জলপ্ৰপাত, গুহা আদিৰ বাবে বহুতো পৰ্যটক এই ঠাইত ভীৰ কৰে। বহুতো পৰ্যটকে শনিবাৰে ফুৰ্ণাছ হ্ৰদত নাৱেৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল। পাহাৰৰ চাৰিওফালে হ্ৰদৰ পানীত কেইবাখনো পৰ্যটকৰ নাও ৰখাই থোৱা হৈছিল।

হঠাতে, পৰ্যটকসকলে ওপৰৰ পৰা শিলৰ সৰু টুকুৰা বোৰ ঘূৰি থকা আৰু হ্ৰদটোত পৰি থকা দেখিলে। তেওঁলোকে এইটো অতি স্বাভাৱিক বুলি ভাবিছিল। কিন্তু তেওঁলোকে কল্পনা কৰিব নোৱাৰিলে যে তেওঁলোকৰ বাবে অপেক্ষা কৰি থকা ডাঙৰ বিপদটোৰ কথা। কেইছেকেণ্ডৰ ভিতৰতে পাহাৰৰ পৰা এচপৰা ডাঙৰ শিল খহি পৰিৱ। পাহাৰৰ পৰা অলপ দূৰত থিয় হৈ থকা পৰ্যটক আৰু নাঁৱৰীয়াসকলে পাহাৰৰ চাৰিওফালে থকা নাঁওবোৰক লগে লগে আতৰি আহিবলৈ কৈছিল। তাৰ পিছতেই ঘটিল অঘটন। পাহাৰৰ এটা অংশ চকুৰ পলকতে পৰ্যটকৰ নাঁওত খহি পৰিছিল। পাঁচজন পৰ্যটকক থিতাতে নিহত হৈছিল বহলোক সন্ধানহীন হৈ পৰে ।

স্থানীয় প্ৰশাসনে কৈছিল যে ৩২ জন লোক আহত হৈছিল। তেওঁলোকৰ নজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্ধানহীনসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish