Sunday, January 23, 2022
HomeNationalcorona crisis:পশ্চিমবংগৰ পৌৰ সভাৰ নিৰ্বাচন পিছুওৱাৰ নিৰ্দেশ কলিকতা উচ্চ ন্যায়ালয়ৰ

corona crisis:পশ্চিমবংগৰ পৌৰ সভাৰ নিৰ্বাচন পিছুওৱাৰ নিৰ্দেশ কলিকতা উচ্চ ন্যায়ালয়ৰ

কোভিডজনিত পৰিস্থিতিলৈ লক্ষ্য ৰাখি কলিকতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগ নিৰ্বাচন আয়োগক ৪-৬ সপ্তাহলৈ পৌৰ সভাৰ নিৰ্বাচন পিছুৱাবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে অহা ২২ জানুৱাৰীৰ দিনা পশ্চিমবংগৰ সাতখনকৈ পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল৷কিন্ত ক্ৰমাগত হাৰত বৃদ্ধি পাই অহা কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পায় অহা দিশলৈ লক্ষ্য ৰাখি ন্যায়ালয়ে আজি এই নিৰ্দেশনা প্ৰদান কৰে ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যাই ২৩,৪৬৭ ৰ সংখ্যা স্পৰ্শ কৰে ৷ বুধবাৰৰ দিনটোত কোভিড ৰোগীৰ সংখ্যা আছিল ৩০.৮৬ %৷বৃহস্পতিবাৰে ৩২.১৩% লৈ বৃদ্ধি পায়৷সেয়ে ন্যায়ালয়ে শিলিগুৰি,বিধাননগৰ,আচঁল,চন্দন নগৰ,দুৰ্গাপুৰ,হাওৰা আৰু চান্দেৰনাগোৰ পৌৰ সভাৰ নিৰ্বাচন পিছুৱাবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ন্যায়লয়ে ৪৮ ঘন্টাৰ ভিতৰত আয়োগক সিদ্ধান্ত জনাবলৈ নিৰ্দেশ দিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish