Monday, October 18, 2021
HomeUncategorizedCosmic phenomena: খালী চকুৰেই চাওক বৃহস্পতিক! বিশ্ববাসী সাক্ষী বিৰল মহাজাগতিক পৰিঘটনাৰ

Cosmic phenomena: খালী চকুৰেই চাওক বৃহস্পতিক! বিশ্ববাসী সাক্ষী বিৰল মহাজাগতিক পৰিঘটনাৰ

মহাজাগতিক পৰিঘটনা। আজি পৃথিৱীবাসী সাক্ষী হব আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ। আকাশত খালী চকুৰেই দেখিবলৈ পাব বৃহস্পতি গ্ৰহক। মাজনিশা চন্দ্ৰৰ কাষ চাপিব বৃহস্পতি গ্ৰহ। আকাশৰ উত্তৰ-পূব দিশত চন্দ্ৰৰ কাষত ওৰে নিশা দেখা যাব বৃহস্পতিক। সেয়েহে আজি নিশা খালী চকুৰেই দেখিবলৈ পাব বৃহস্পতি গ্ৰহক। টেলিস্কোপ ব্যৱহাৰ কৰি চালে অধিক পৰিষ্কাৰকৈ দেখা পোৱা যাব বৃহস্পতি গ্ৰহক।


শুকুৰবাৰেও আন এক মহাজাগতিক পৰিঘটনা ঘটিছিল। চন্দ্ৰৰ নিচেই কাষ চাপিছিল শনি গ্ৰহ। যাৰ বাবে শুকুৰবাৰৰ নিশাৰ আকাশত চন্দ্ৰৰ কাষতে দেখিবলৈ পোৱা গৈছিল শনি গ্ৰহক। শনি আৰু বৃহস্পতি গ্ৰহৰ এনে অৱস্থানক ইংৰাজীত কোৱা হয় কনজাংছন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish