Sunday, January 23, 2022
HomeRegionalCOVID crisis: কভি'ডৰ বাবে এইবাৰ অনুষ্ঠিত নহয় হাজোৰ মণিকূট উৎসৱ- সমন্বয় শোভাযাত্ৰা

COVID crisis: কভি’ডৰ বাবে এইবাৰ অনুষ্ঠিত নহয় হাজোৰ মণিকূট উৎসৱ- সমন্বয় শোভাযাত্ৰা

১৫ জানুৱাৰী বা পহিলা মাঘত আয়োজন কৰা মণিকূট উৎসৱ- সমন্বয় শোভাযাত্ৰা বাতিল কৰা হৈছে। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলা প্ৰশাসন, আছু আৰু উদ্যোক্তাসকলৰ সৈতে হোৱা আলোচনাৰ পিছতে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সকলো জনসাধাৰণকে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান আছুৰ।

উল্লেখ্য যে, ১৯৯২ চনত ৰাম মন্দিৰ আৰু বাবৰি মছজিদ ধ্বংসক লৈ সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষই সমগ্ৰ দেশৰ লগতে অসমতো এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছিল। তাৰ মাজতে আছু আৰু মণিকূট সাহিত্য সমাজে শান্তি-সমন্বয়ৰ মিলন ভূমি হাজোত সেই বৰ্ষৰ পহিলা মাঘত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পোৱামক্কা দৰগাহ শ্বৰীফৰ খাদিমক আছুৰ পতাকাৰ তলত একত্ৰিত কৰিছিল। ইমানেই নহয়, আছুৰ পতাকা আদান-প্ৰদান কৰি পোৱামক্কা দৰগাহৰ পৰা মাধৱ মন্দিৰলৈ শান্তি আৰু সমন্বয় শোভাযাত্ৰা উলিয়াই দৃষ্টান্ত দাঙি ধৰিছিল। পৰৱৰ্তী সময়ত হাজো আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰা এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই বিগত ২৫ বছৰ ধৰি প্ৰতিবছৰৰ পহিলা মাঘত পালন কৰি আহিছে। এই শোভাযাত্রাত জাতি-ধৰ্ম নিৰ্বিশেষে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish