Monday, October 18, 2021
HomeWorld৩ দিনৰ বাবে সম্পূৰ্ণ লকডাউন!

৩ দিনৰ বাবে সম্পূৰ্ণ লকডাউন!

কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অব্যাহত আছে কোভিডৰ সংহাৰ। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লকডাউন দিবলৈ বাধ্য হৈছে দেশসমূহে। এইবাৰ ৩ দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ নিউজিলেণ্ড। দেশখনৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে ঘোষণা কৰিছে সম্পূৰ্ণ লকডাউন। বিগত ৬ মাহৰ ভিতৰত দেশখনত এয়া লকডাউন ঘোষণাৰ প্ৰথমটো ঘটনা। দ্ৰুতগতিত বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে শুকুৰবাৰলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। দেশখনৰ জনসাধাৰণক কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, প্ৰায় ছমাহৰ পূৰ্বে দেশখনক কোভিডমুক্ত হোৱা বুলি ঘোষণা কৰিছিল দুবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা জেচিণ্ডা আৰ্ডাৰ্নে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish