Sunday, January 23, 2022
HomeNationalCovid Vaccine: অভিশাপ নহয়, ঝাৰখণ্ডৰ দুলালচন্দ মুন্দাৰ জীৱনলৈ আশীৰ্বাদ হিচাপে আহিল কোভিড...

Covid Vaccine: অভিশাপ নহয়, ঝাৰখণ্ডৰ দুলালচন্দ মুন্দাৰ জীৱনলৈ আশীৰ্বাদ হিচাপে আহিল কোভিড ভেকচিন

কোভিড ভেকচিনক লৈ দ্বিধা-দ্বন্দ চলি থকাৰ সময়তে ঝাৰখণ্ডৰ ব’কাৰৰ শালগাদিহ গাঁৱৰ এটি ঘটনাই আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ গাঁওখনৰ এজন ব্যক্তিৰ বাবে কোভিড ভেকচিন হৈ পৰিছে ঈশ্বৰৰ আশীৰ্বাদ স্বৰূপ ৷ ঘটনা অনুসৰি ঝাৰখণ্ডৰ ব’কাৰো গাঁৱৰ বাসিন্দা দুলালচন্দ আজিৰ পৰা প্ৰায় ৪ বছৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ হেৰুৱাবলগীয়া হৈছিল সাধাৰণ জীৱন-যাপন ৷ দুৰ্ঘটনাৰ ফলত শয্যাশায়ী হৈ পৰি থাকিবলগীয়া ব্যক্তিজনে বাকশক্তি পৰ্যন্ত হেৰুৱাই পেলাইছিল ৷ কিন্ত চৰকাৰে বাধ্যতামূলক ঘোষণা কৰা কোভিড ভেকচিনৰ কোভিশ্বিল্ড ৪ জানুৱাৰীৰ দিনা গ্ৰহণ কৰাৰ পিছতেই সকলোকে আচৰিত কৰি দুলাৰচন্দই ঘূৰাই পায় তেওঁৰ বাকশক্তি ৷ লগে লগে তেওঁ লাভ কৰে পূৰ্বৰ সাধাৰণ জীৱন ৷ যি ঘটনাই এতিয়া দুলাৰচন্দৰ আত্মীয়-স্বজনৰ মুখত হাঁহি বিৰঙাই তুলিছে ৷ একেসময়তে আশ্চৰ্যচকিত কৰি তুলিছে চিকিৎসক সমাজকো ৷

কোভিড ভেকচিন গ্ৰহণ কৰাৰ পিছতে দুলাৰচন্দ মুন্দাৰ পৰিৱৰ্তিত জীৱনে এতিয়া কোভিড ভেকচিনৰ কাৰ্যকাৰিতা সম্পৰ্কে চিকিৎসকসকলক নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে ৷ কিয়নো এই ভেকচিনে ৰোগ প্ৰতিৰোধ তথা নিৰাময়ত আশানুৰূপ ফলাফল দেখুওৱাৰ লগতে এই কোভিড ভেকচিন আন বহুৰোগ উপশমৰো কাৰণ হৈ পৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish