Sunday, January 23, 2022
HomeEntertainmentDance Deewane3ত অংশ ল'ব মীৰাবাঈ ছানুৱে

Dance Deewane3ত অংশ ল’ব মীৰাবাঈ ছানুৱে

অলিম্পিকজয়ী ভাৰোত্তোলক মীৰাবাঈ ছানুক দেখা যাব ডেন্স দিৱানে 3ৰ মঞ্চত। ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫সংখ্যক জয়ন্তীৰ বিশেষ খণ্ডত দেখা যাব মণিপুৰৰ সফল মহিলা খেলুৱৈগৰাকীক। টকিঅ অলিম্পিকত দেশৰ হৈ প্ৰথমটো ৰূপৰ পদক উপহাৰ দিছিল ভাৰোত্তোলকগৰাকীয়ে।

স্বাধীনতা দিৱসৰ ৭৫সংখ্যক অনুষ্ঠানত মীৰাবাঈৰ লগতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিগৰাকীও উপস্থিত থাকিব। অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে বিশ্ববিখ্যাত ক্ৰিকেটাৰ কপিল দেৱ আৰু ভাৰতীয় মহিলা দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ভবানী দেৱীও উপস্থিত থাকিব।

নৃত্য প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্বত আছে মাধুৰী দীক্ষিত, তুষাৰ কালিয়া আৰু ধৰ্মেশ য়েলাণ্ডে। জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু ভাৰতীৰ স্বামী হৰ্ষ লিম্বাছিয়াই আঁত ধৰিব অনুষ্ঠানৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish