Sunday, January 23, 2022
HomeNationalFatima Sheikh: মহিলাৰ শিক্ষা আৰু সৱলীকৰণৰ বাবে যুঁজ দিয়া ফাতেমা শ্বেখক গুগলৰ...

Fatima Sheikh: মহিলাৰ শিক্ষা আৰু সৱলীকৰণৰ বাবে যুঁজ দিয়া ফাতেমা শ্বেখক গুগলৰ সন্মান

ফাতিমা শ্বেখ: মহিলা সৱলীকৰণ আৰু মহিলা শিক্ষাৰ অন্যতম আইকন ফাতিমা শ্বেইখৰ আজি ৯ জানুৱাৰীত ১৯১ তম জন্ম জয়ন্তী। ১৮৩১ চনৰ আজিৰ দিনটোতে পুনেত জন্ম গ্ৰহণ কৰা এই বিৰল প্ৰতিভাশালী ভাৰতীয় মহিলাগৰাকী যিয়ে তেওঁ দেশৰ প্ৰথম মুছলমান শিক্ষয়িত্ৰী।

ফাতিমা শ্বেখ, জ্যোতিৰাৱে ফুলে আৰু সাবিত্ৰী ফুলৰ সহযোগত ১৮৪৮ চনত দেশৰ প্ৰথম খন ছোৱালীবিদ্যালয় প্ৰতিষ্ঠা হৈছিল। ফাতিমাই দলিত আৰু পিছপৰা মুছলমান ছোৱালীসকলৰ মাজত শিক্ষা বিয়পাবলৈ নিজৰ আত্মবলিদান দিছিল। তেওঁ সত্যসাধক গোটৰ এজন প্ৰকৃত সন্ধানী আছিল।

তেওঁৰ কাম আছিল ভাৰতীয় জাতি ব্যৱস্থাৰ কঠিনতাৰ বাবে শিক্ষা সম্প্ৰসাৰিত কৰিব নোৱাৰা সকলৰ মাজত শিক্ষা উপলব্ধ কৰা। তেওঁ এই উদ্দেশ্যৰ বাবে ঘৰে ঘৰে গৈছিল। কিন্তুপ্ৰাচীন সমাজৰ সন্মুখত উজুটি খাব লগা হৈছিল ফাতিমাই, কিন্তু তেওঁ শীৰ নত নকৰাকৈ যুঁজ অব্যাহত ৰাখিছিল। সেই ফাতিমা শ্বেখৰ আজি ১৯১ তম জন্ম জয়ন্তীত তেঁওলৈ সন্মান জনাই Google ৰ doodle ত দেখা গ’ল ফাতিমা শ্বেখৰ ফটো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish