অশ্লীলতা বিয়পোৱাৰ অভিযোগত মিলিন্দ সুমনৰ বিৰুদ্ধে গোচৰ ৰুজু

মিলিন্দ সুমনৰ সম্পূৰ্ণ নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল

0
175
Google search engine

৪ নৱেম্বৰত নিজৰ জন্মদিনত গোৱাৰ সাগৰৰ পাৰত সম্পূৰ্ণ নগ্ন হৈ দৌৰিছিল মিলিন্দ সুমনে৷ নিজকে জন্মদিনৰ শুভেচ্ছা জনাই ফটোৰ কেপশ্যনত তেওঁ লিখিছিল,”হেপিডে বাৰ্থডে টু মি! #৫৫।” ফটোখন তুলিছিল মিলিন্দৰ পত্নী অংকিতা কোঁৱৰে৷

মিলিন্দ সুমনৰ এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ পিছে এই ফটো শ্বেয়াৰ কৰি এতিয়া বিপদত পৰিল জনপ্ৰিয় মডেলগৰাকী৷ ৰাজহুৱা স্থানত অশ্লীল আচৰণৰ বাবে মিলিন্দ সুমনৰ বিৰুদ্ধে গোৱা আৰক্ষীয়ে IPC Sec 294 and IT Act Sec 67ৰ অধীনত গোচৰ ৰুজু কৰিছে৷ অতি সোনকালে মিলিন্দ সুমন গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা৷

উল্লেখ্য যে ৰাজহুৱা স্থানত অশ্লীলতা প্ৰদৰ্শন কৰাৰ বাবে মডেল পুনম পাণ্ডেক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গোৱা আৰক্ষীয়ে৷ ইয়াৰ পিছতেই মিলিন্দ সুমনকো গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন হৈছিল৷ কিছুমানে প্ৰশ্ন কৰিছিল আইন পুৰুষ আৰু মহিলাৰ বাবে সমান নহয় নেকি ? এই দাবীৰ পিছতেই মিলিন্দ সুমনকো গ্ৰেপ্তাৰ কৰাৰ বাবে সাজু হৈছে গোৱা আৰক্ষী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here