Monday, October 18, 2021
HomeNationalপানীত বুৰ যাব ভাৰতৰ ১২খন চহৰ, তালিকাত কোন কোন চহৰ?

পানীত বুৰ যাব ভাৰতৰ ১২খন চহৰ, তালিকাত কোন কোন চহৰ?

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়ংকৰ প্ৰভাৱ পৰিব সমগ্ৰ বিশ্বত। পৃথিৱীৰ আন আন প্ৰান্তৰ দৰে সৰ্বাধিক প্ৰভাৱিত হব ভাৰতৰ উপকূলীয় অঞ্চলসমূহো। প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে পানীৰ তলত থাকিব লগা হ’ব পাৰে ভাৰতৰ ১২খন চহৰ। হিমবাহ ধ্বংসৰ ফলত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মহাসাগৰৰ জলপৃষ্ঠ৷ ইয়াৰ ফলতে বসবাসৰ অনুপযোগী হৈ পৰিব উপকূলীয় অঞ্চলসমূহ৷ ইণ্টাৰগৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জৰ প্রতিবেদন বিশ্লেষণ কৰিছে নাছাই৷ নাছাৰ প্ৰতিবেদনত আছে মায়ানগৰী মুম্বাইৰ নাম। পানীৰ তলত থাকিব লগা হ’ব পাৰে বিশাখাপট্টনম, কোচিৰ দৰে চহৰো। দক্ষিণৰ অন্যতম ব্যস্ত চহৰ চেন্নাইলৈও আহি আছে বিপদ! এই ৪খন চহৰসহ মুঠ ১২খন উপকূলীয় মহানগৰত তিনি ফুট বা তাতকৈ বেছি ওপৰলৈ উঠিব পাৰে জলপৃষ্ঠ। ইতিমধ্যে আইপিচিচিৰ প্রতিবেদন বিশ্লেষণ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বিশ্বৰ হিমবাহৰ দ্রুত গলন আৰম্ভ হৈছে৷ বিশ্ববাসী সজাগ নহলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব পাৰে উপকূলীয় চহৰ তথা বৃহত্ অঞ্চল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish