Monday, October 18, 2021
HomeRegionalGaruktukti Case: গৰুখুঁটিকাণ্ডক লৈ গুৱাহাটী হাই কৰ্টত PIL, আজি শুনানি

Garuktukti Case: গৰুখুঁটিকাণ্ডক লৈ গুৱাহাটী হাই কৰ্টত PIL, আজি শুনানি

দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিকাণ্ডক লৈ আজি গুৱাহাটী হাই কৰ্টত শুনানি অনুষ্ঠিত হব। আৰক্ষী-প্ৰশাসনৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত পঞ্জীয়ন নিজাববীয়া PIL। অসম নাগৰিক সমাজে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰৰ ভিত্তিতে উচ্চ ন্যায়ালয়ে ৰুজু কৰিছে নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। ২৩ ছেপ্টেম্বৰত গৰুখুঁটিত দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে চলাইছিল অভিযান। উচ্ছেদ অভিযানৰ সময়তে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল ৩জন লোকে। উচ্ছেদিত একাংশ লোকৰ প্ৰতি আক্ৰমণত আহত হৈছিল কেইবাজনো আৰক্ষী জোৱানো। ইয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতে সাময়িকভাবে উচ্ছেদ অভিযান স্থগিত ৰখা হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish