Monday, October 18, 2021
HomeSportGuwahati IPL Team : গুৱাহাটীৰ নামত হ'ব IPL দল, বৰ্ষাপাৰাত হ'ব IPL...

Guwahati IPL Team : গুৱাহাটীৰ নামত হ’ব IPL দল, বৰ্ষাপাৰাত হ’ব IPL মেচ!

IPLত অন্তৰ্ভুক্ত হব নতুন দল। BCCI-এ প্ৰস্তুত কৰা ৬ চহৰৰ তালিকাত আছে গুৱাহাটীৰ নামো। সকলো ঠিকে থাকিলে IPLত দেখা যাব পাৰে গুৱাহাটীও। অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দেখা যাব পাৰে বিশ্ব ক্ৰিকেটৰ মহাতাৰকাক। বিৰাট কোহলি, ৰোহিত শৰ্মাৰ পৰা অসমৰ ৰিয়ান পৰাগলৈকে সকলো ক্ৰিকেট তাৰকাক সমুখৰ পৰা দেখা পাব পাৰে উঃ-পূববাসীয়ে। যোৱা বৰ্ষতো ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাক ভেন্যু হিচাপে লৈছিল যদিও প্ৰতিকূল পৰিৱেশ তথা কভিডকালীন পৰিস্থিতিয়ে হেঙাৰ ৰূপে ঠিয়ে দিলে। গুৱাহাটীৰ লগতে তালিকাত আছে ৰাঁচী, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা।
মহেন্দ্ৰ সিং ধোনীৰ গৃহৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ নামতো হব পাৰে IPLৰ নতুন দল। আনহাতে ওড়িশাৰ ঐতিহ্যমণ্ডিত চহৰ কটকৰ নামো বিবেচনা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে।

ইয়াৰ লগতে গুজৰাটৰ ৰাজধানী আহমেদাবাদৰ নামো চৰ্চাত আছে। এই গান্ধীনগৰতে আছে বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম। গুজৰাট ক্ৰিকেট এছচিয়েচনে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত একেলগে ১ লাখ ৩২ হাজাৰ লোকে খেল উপভোগ কৰিব পাৰিব। চৰ্দাৰ বল্লৱভাই পেটেল স্পৰ্টছ এনক্লেভৰ ভিতৰত থকা ষ্টেডিয়ামখন পূৰ্বতে মটেৰা ষ্টেডিয়াম ৰূপে জনা গৈছিল। আনহাতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী সূচীত অন্তৰ্ভুক্ত হব পাৰে লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী তথা জনবহুল মহানগৰীখনৰ নামেৰেও হব পাৰে নতুন দল। ইফালে পাৰ্বত্য ৰাজ্য হিমাচল প্ৰদেশৰ ধৰমশালাও আছে তালিকাত। পূৰ্বে ধৰমশালাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ অনুষ্ঠিত হোৱাৰ লগতে IPLৰ মেচো অনুষ্ঠিত হৈছিল যদিও ধৰমশালাৰ নামত পৃথক দল নাছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish