Sunday, January 23, 2022
HomeEntertainmentবিপদত ৰেপাৰ হানি সিং, নিৰ্যাতনৰ গুৰুতৰ অভিযোগ পত্নীৰ

বিপদত ৰেপাৰ হানি সিং, নিৰ্যাতনৰ গুৰুতৰ অভিযোগ পত্নীৰ

এইবাৰ জনপ্ৰিয় গায়ক ইয় ইয় হানী সিং বিপদত। পত্নী শালিনী তলৱাৰে তৰিছে নিৰ্যাতনৰ গোচৰ।

মাৰপিট আৰু যৌন আতিশায্য চলোৱাৰ গুৰুতৰ অভিযোগ হানী সিঙৰ বিৰুদ্ধে।

দ্য প্ৰটেকচন অৱ ৱমেন ফ্ৰম ডমেষ্টিক ভায়লেঞ্চ এক্টৰ অধীনত গোচৰ ৰুজু কৰিছে পত্নীয়ে।

এই সন্দৰ্ভত দিল্লীৰ তিজ হাজাৰী আদালতে নটিচ জাৰি কৰিছে হানী সিঙক।

ঘৰুৱা হিংসাৰ অধীনৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে ৰেপাৰগৰাকীৰ বিৰুদ্ধে।

শালিনী তলৱাৰে শাৰীৰিকভাৱে প্ৰহাৰ, যৌন আতিশাৰ্য, মানসিক নিৰ্যাতন আৰু আৰ্থিকভাৱে হেঁচা দিয়াৰো অভিযোগ আনিছে।

কেৱল হানী সিঙেই নহয়, হানীৰ পিতৃ-মাতৃ, ভগ্নীয়েও নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে পত্নী শালিনীয়ে।

অহা ২৮ আগষ্টৰ ভিতৰত আদালতক উত্তৰ দিব লাগিব হানী সিঙে। তাৰ পূৰ্বে হানী সিঙে দুয়োৰে নামত থকা সম্পত্তি আৰু পত্নীৰ সা-সামগ্ৰী বিক্ৰী অথবা লিজত দিব নোৱাৰিব।

লগতে পত্নী আৰু হানীৰ যুটীয়াভাৱে থকা সা-সম্পত্তিৰ কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰিব।

২০১১ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল। এটা সময়ত হানী সিঙৰ গীতে ধুমুহা আনিছিল নৱ প্ৰজন্মৰ মাজত। তাৰ পিছত হঠাতে অন্তৰ্ধান হৈছিল হানী সিং। কোৱা হয়, অত্যধিক ড্ৰাগছ আৰু মাদক দ্ৰব্য সেৱনৰ বাবে ৰিহেব চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল হানি সিঙক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish