Sunday, January 23, 2022
HomeEntertainmentবিপদত চনু সুদ। মোডী চৰকাৰ ৰোষত, জেলত যাব লগীয়া হ'ব পাৰে ...

বিপদত চনু সুদ। মোডী চৰকাৰ ৰোষত, জেলত যাব লগীয়া হ’ব পাৰে দুখীয়াৰ ত্ৰাণ কৰ্তা ৰূপত স্বীকৃতি পোৱা চনু সুদ…

বিপদত চনু সুদ। জেলত যাব লগীয়া হব পাৰে অভিনেতা তথা কৰোনা কালত দুখীয়াৰ ত্ৰাণ কৰ্তা ৰূপত স্বীকৃতি পোৱা চনু সুদ। মোডী চৰকাৰ ৰোষত পৰিছে অভিনেতা গৰাকী। অৰবিন্দ কেজৰীয়ালৰ লগত বৃদ্ধি পোৱা ঘনিষ্ঠতাই কাল হ’ল চনু সুদৰ।

অৱশ্যে, কিয় আয় কৰ বিভাগে হঠাৎ চনু সুদৰ বিৰূদ্ধে অনুসন্ধানত নামিল আয় কৰ বিভাগে সেই কথা এতিয়ালৈ ৰাজহুৱা কৰা নাই। সূত্ৰ অনুসৰি কৰ বিষয়াসকলে তেওঁৰ সৈতে সম্পৰ্কিত অন্যান্য প্ৰতিষ্ঠান, বেংক একাউণ্ট , উপাৰ্জন, ব্যয় আৰু অন্যান্য বিত্তীয় ৰেকৰ্ড বোৰৰ তদন্ত কৰিছে।

হয় বিপদত পৰিছে চনু সুদ। মোডী চৰকাৰৰ ৰোষত পৰা চনু সুদৰ ওপৰত চলিছে আয়কৰ বিভাগৰ অভিযান। অভিনেতা চনু সুদৰ মালিকাধীন ছয় স্থানত আয় কৰ বিভাগে চলাইছে অভিযান। মুম্বাইৰ অভিনেতাজনৰ সৈতে সম্পৰ্কিত ছয়টা চৌহদত চলোৱা হৈছে আয় কৰ বিভাগৰ অভিযান।

উল্লেখযোগ্য যে মহামাৰীৰ সময়ত হাজাৰ হাজাৰ লোকক সহায় কৰাৰ বাবে প্ৰশংসিত হোৱা চনু সুদে “সুদ চেৰিটি ফাউণ্ডেচন” নামৰ এটা বেচৰকাৰী সংগঠনো চলাই আহিছে। ইয়াৰ ৱেবছাইট অনুসৰি, এনজিঅ’টোৱে অত্যাধুনিক স্বাস্থ্যসেৱা, শিক্ষা, নিযুক্তি আৰু প্ৰযুক্তিৰ উন্নতি প্ৰদান কৰাৰ দৰে খণ্ডত কাম কৰে।

চনু সুদক কিছুদিন পূৰ্বে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শিশুসকলৰ বাবে দিল্লী চৰকাৰৰ ‘দেশ কি মেন্টৰ’ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্ব দিয়া হৈছিল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চনু সুদক দায়িত্ব অৰ্পণ কৰি কৈছিল, “এই কাৰ্যসূচীৰ জৰিয়তে চনুজীৰ সম্পৰ্কই নিশ্চিতভাৱে শিশুসকলৰ উজ্জ্বল ভৱিষ্যতত সহায়ক প্ৰমাণিত হ’ব।”

চনু সুদে এটা টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল, “দেশ কে মেন্টৰৰ ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ বাবে সঁচাকৈয়ে সন্মানিত আৰু বিনম্ৰ, যিটোৱে মোক সমগ্ৰ ভাৰতৰ লাখ লাখ শিক্ষাৰ্থীক পৰামৰ্শ দিয়াৰ সুযোগ দিছে। মোক এই উদ্যোগৰ অংশ কৰি তোলাৰ বাবে চাৰৰ আপোনাক বহুত ধন্যবাদ।”

কেজৰীয়ালৰ সৈতে চনু সুদৰ সম্পর্ক বৃদ্ধি পোৱাৰ বাবেই অক্ৰুশ মূলক ভাবে আয় কৰ বিভাগক কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish