Monday, October 18, 2021
HomeWorldভাৰতৰ লগতে আন কেইবাখনো দেশৰ বাবেও আজি ঐতিহাসিক দিন, কোন কোন দেশৰ...

ভাৰতৰ লগতে আন কেইবাখনো দেশৰ বাবেও আজি ঐতিহাসিক দিন, কোন কোন দেশৰ আজি স্বাধীনতা দিৱস?

দেশে আজি পালন কৰিছে স্বাধীনতা দিৱস। শদিয়াৰ পৰা ধুবুৰীলৈ ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন ৰাজ্য। অৰুণাচলৰ পৰা গুজৰাটলৈ কাশ্মীৰ-লাডাখৰ পৰা কন্যাকুমাৰী-তামিলনাডুলৈ পুৱাৰে পৰা স্বাধীনতা দিৱসৰ বৰ্ণিল কাৰ্যসূচী। আজি দেশে স্মৰণ কৰিছে স্বাধীনতা সেনানী, বীৰ শ্বহীদক। যাৰ বাবে আজি ভাৰতবাসী ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ লাভ কৰিলে স্বাধীনতা। কেৱল ভাৰতবৰ্ষই নহয়, ১৫ আগষ্টত আন কেইবাখনো দেশে লাভ কৰিছিল স্বাধীনতা। আজি ভাৰতৰ লগতে কংগো, বাহৰেইন, লিছেইনষ্টেইন আৰু দক্ষিণ আৰু উত্তৰ কোৰিয়াই পালন কৰে স্বাধীনতা দিৱস। ১৯৭১ চনৰ ১৫ আগষ্টত ব্ৰিটিছ ঔপনিবেশকৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল বাহৰেইনে। ১৯৬০ চনৰ আজিৰ দিনটোতে কংগো গণৰাজ্যই লাভ কৰিছিল স্বাধীনতা। ফৰাচী শাসনৰ পৰা মুক্ত হৈ আজিৰ দিনটোতে কংগোবাসীয়ে লাভ কৰিছিল স্বাধীনতাৰ সোৱাদ। আজি উত্তৰ আৰু দক্ষিণ কোৰিয়াইও পালন কৰে স্বাধীনতা দিৱস। একেদৰে লিছেইনষ্টেইনৰো আজি স্বাধীনতা দিৱস। ১৮৬৬ চনৰ আজিৰ দিনটোতে স্বাধীনতা লাভ কৰিছিল লিছেইনষ্টেইনে। জাৰ্মানীৰ শাসন ওফৰাই মুক্তভাৱে স্বাধীন যাপনৰ সুযোগ লাভ কৰিছিল লিছেইনষ্টেইনবাসীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish