Monday, October 18, 2021
HomeNationalআন্তঃৰাষ্ট্ৰীয় সীমান্তত উৰুৱাব নোৱাৰিব ড্ৰোন

আন্তঃৰাষ্ট্ৰীয় সীমান্তত উৰুৱাব নোৱাৰিব ড্ৰোন

সমুখত ১৫ আগষ্ট। স্বাধীনতা দিৱসৰ পূৰ্বে কূটঘাত সংঘটিত কৰাৰ অপচেষ্টা চলায় সন্ত্ৰাসবাদীয়ে। তাৰোপৰি ক’ভিডকেন্দ্ৰিক পৰিৱেশৰ বাবে এক স্পৰ্শকাতৰ সময়ৰ মাজেৰে আগবাঢ়িছে দেশ। তাৰ মাজতো দেশৰ সুৰক্ষা নিশ্চিত হবই লাগিব। পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে অহৰহ ভাৰতত প্ৰৱেশৰ চেষ্টা চলায়। বাংলাদেশ সীমান্তৰে ভাৰতলৈ প্ৰৱেশৰ চেষ্টা কৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে।

তাৰোপৰি চীনৰ আগ্ৰাসনৰ বাবে সদাসতৰ্ক হৈ থাকিব লগা হয় নিৰাপত্তাৰক্ষী। এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ২৫ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত ড্ৰোন উৰুৱাব নোৱাৰিব। LoC আৰু LACতো বিনা অনুমতিত সীমান্তত ড্ৰোন উৰুৱাব নোৱাৰিব।

চুবুৰীয়া দেশৰ সীমান্তত যিকোনো লোকে ড্ৰোন উৰুৱাব নোৱাৰিব। চুবুৰীয়া দেশৰ সীমান্তত যিকোনো লোকে বিনা অনুমতিত উৰুৱাব নোৱাৰিব ড্ৰোন। ড্ৰোনক লৈ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish