Sunday, January 23, 2022
HomeSportদৰ্শকৰ উপস্থিতিত দেওবাৰৰ পৰা IPL, প্ৰথমখন মেচত কাৰ কাৰ মাজত যুঁজ?

দৰ্শকৰ উপস্থিতিত দেওবাৰৰ পৰা IPL, প্ৰথমখন মেচত কাৰ কাৰ মাজত যুঁজ?

১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব IPL। দেওবাৰৰ পৰা IPLৰ বাকী থকা খেলসমূহ অনুষ্ঠিত হব। ডুবাই, ছাৰজাহ আৰু আবু ধাবিত অনুষ্ঠিত হব খেলসমূহ। দেওবাৰৰ প্ৰথমখন মেচত যোৱাবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছ মুখামুখি হব এম এছ ধোনীৰ দল চেন্নাই ছুপাৰ কিংছ। ক’ভিডৰ বাবে আধাতে স্থগিত ৰখা হৈছিল IPL। মেগা ভেকচিন ড্ৰাইভ আৰু ক’ভিডকালীন পৰিস্থিতি সামান্য স্বাভাৱিক হোৱাৰ পিছতে পুনৰ আয়োজন কৰা হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেল।

দ্বিতীয় পৰ্যায়ৰ খেলসমূহত দৰ্শকে পোনপটীয়াকৈ চাব পাৰিব খেল। ষ্টেডিয়ামলৈ গৈ ক্ৰিকেটাৰ দুৰ্দান্ত প্ৰদৰ্শন উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীয়ে। কভিড বিধি মানি UAEৰ দৰ্শকে খেল চাব পাৰিব। ইয়াৰ পূৰ্বৰ মেচসমূহ দৰ্শক অবিহনে অনুষ্ঠিত হৈছিল। ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব IPLৰ ফাইনেল মেচ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish