অজয়-কাজলৰ সংসাৰত সোমাইছিল কংগনা! কোনোমতেহে নভঙাকৈ থাকিল সংসাৰ

0
15037
Google search engine

অজয় দেৱগন আৰু কাজলক বলীউডৰ অন্যতম শক্তিশালী দম্পতি বুলি বিবেচনা কৰা হয়। দুয়ো ২২ বছৰ ধৰি সুখৰ সংসাৰ কৰি আছে। কিন্তু অজয় দেৱগন আৰু কাজলৰ সংসাৰতো মাজতে কেৰোণ লাগিছিল। দুয়োৰে সংসাৰ ভাঙি যোৱাৰ পৰা কোনোমতেহে ৰক্ষা পৰিছিল।

অজয় আৰু কাজলৰ সংসাৰ ভাঙিবলৈ ওলোৱাৰ আঁৰত আছিল কংগনা ৰাণাৱট। ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়তে অজয় দেৱগন আৰু কাজলৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছিল। অজয় দেৱগন আৰু কংগনা ৰাণাৱটৰ নিবিড় সম্পৰ্ক গঢ় লৈ উঠে ‘ৱান্স আপন এ টাইম ইন মুম্বাই’ চিনেমাখনৰ শ্বুটিং চলি থকাৰ সময়ত। এই খবৰ গৈ কাজলৰ কাণতো পৰে।

কাজলে স্বামী অজয়ক কংগনাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল।কংগনা ৰাণাৱত আৰু অজয় দেৱগণে ছবিখনৰ দৃশ্যগ্ৰহণৰ পিছতো একেলগে যথেষ্ট সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছিল। গছিপ অনুসৰি অজয় দেৱগন আৰু কংগনা ইজনে সিজনৰ খুব ওচৰলৈ আহিছিল। অজয় দেৱগণেও কংগনাক ৰাস্কেল আৰু তেজৰ দৰে চিনেমা লাভ কৰাত সহায় কৰিছিল।

তেজত বিদ্যা বালানক অফাৰ দিয়া হৈছিল কিন্তু অজয়ে কংগনাক লবলৈ অনুৰোধ কৰাত চিনেমাখন বিদ্যা বালানৰ সলনি কংগনাই লাভ কৰিছিল। এই খবৰবোৰ শুনাৰ পিছত কাজলৰ ইমানেই খং উঠিছিল যে তেওঁ ল’ৰা-ছোৱালী কেইটাক লগত লৈ অজয়ক এৰি যোৱাৰ ধমকি দিছিল। কাজলে ঘৰ এৰি গুচি যাম বুলি কোৱাত অজয়ে তেনে নকৰিবলৈ কয় কাজলক। তেতিয়া কাজলে কয় যে তুমি কংগনাৰ পৰা আঁতৰি থাকিবা আৰু একেলগে চিনেমা নকৰিবা। অজয় দেৱগণে পত্নী কাজলৰ কথা মানি লয় আৰু তেতিয়াৰে পৰা অজয় দেৱগণ আৰু কংগনা ৰাণাৱটক একেলগে কোনো ছবিতে দেখা পোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here