কোভিড ৰোগীৰ সহায়ৰ বাবে এম্বুলেঞ্চ ড্ৰাইভাৰ হ’ল এইজন অভিনেতা! কৰিলে বহুতৰ অন্তিম সংস্কাৰ

0
201
Google search engine

দেশত বৰ্তমান ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ। যোৱাবাৰতকৈও এইবাৰ ক’ৰোনাৰ দ্ৰুত সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কোভিড ৰোগীৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে এগৰাকী জনপ্ৰিয় অভিনেতা। নাম তেওঁৰ অৰ্জুন গৌড়া। কানাড়া ছবিজগতৰ এইজন জনপ্ৰিয় অভিনেতা কোভিড মহামাৰীক প্ৰতিহত কৰিবৰ বাবে ওলাই আহিছে।

সকলো কোভিড ৰোগীয়ে যাতে সময় মতে হাস্পতালত গৈ উপস্থিত হ’ব পাৰে তাৰবাবে তেওঁ এম্বুলেঞ্চ চলোৱাৰ দায়িত্ব লয় কাৰণ বহু কোভিড ৰোগী এম্বুলেঞ্চৰ অভাৱৰ বাবেই হাস্পতালত ভৰ্তি হব নোৱাৰি মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। কোভিডৰ সংকট কালত অভিনেতাৰ পৰা এম্বুলেঞ্চ ড্ৰাইভাৰ হৈ পৰিল অৰ্জুন।

এনে সমস্যা ৰোধিবৰ বাবেই অৰ্জুন গৌড়াই এটা ট্ৰাষ্টৰ জন্ম দিয়ে আৰু সেই ট্ৰাষ্টৰ নাম দিয়ে ‘প্ৰজেক্ট স্মাইল ট্ৰাষ্ট’। এই ট্ৰাষ্টৰ জৰিয়তে অৰ্জুনে এম্বুলেঞ্চ সেৱা আগবঢ়োৱাৰ লগতে বহুকেইজন কোভিড ৰোগীৰ অন্তিম সংস্কাৰো কৰিছে।

অৰ্জুনে এই সন্দৰ্ভত কয় যে কৰোনাৰ এই সংকট কালত মই মানুহক সহায়ৰ বাবে সাজু আছো। ইয়াৰ বাবে এম্বুলেঞ্চ চলাই মই যলৈকে যাব লাগে তালৈকে যাম। অক্সিজেন গেছ চিলিণ্ডাৰ যোগাৰ কৰিবলৈ দৌৰিব লগা হলেও মই সাজু আছো, মুঠৰ ওপৰত এই মহামাৰী কোভিডক আমি সকলোৱে মিলি হৰুৱাবই লাগিব। অভিনেতা অৰ্জুন গৌড়াৰ এই মহানুভৱতা এতিয়া সকলোতে চৰ্চিত হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here