Monday, October 18, 2021
HomeNationalকাশ্মীৰ সংক্ৰান্তত তালিবানে স্পষ্ট কৰিলে নিজৰ স্থিতি, ক'লে কাশ্মীৰ আমাৰ…

কাশ্মীৰ সংক্ৰান্তত তালিবানে স্পষ্ট কৰিলে নিজৰ স্থিতি, ক’লে কাশ্মীৰ আমাৰ…

আফগানিস্তান তালিবানৰ দখললৈ যোৱাৰ পাছতেই কাশ্মীৰৰ প্ৰশংগত তালিবানৰ স্থিতি কি হয় তাক লৈ চিন্তিত হৈ পৰিছিল ভাৰতীয় নিৰাপত্তা সংস্থা সমূহ। বিশেষকৈ পাকিস্তানৰ পূৰ্ণ সমৰ্থন লাভ কৰা তালিবানে শাসনত অহাৰ পাছতেই কাশ্মীৰ প্ৰশংগত পাকিস্তান আৰু পাকিস্তানৰ ভাৰতবিৰোধী শক্তিক সহায় কৰিব পাৰে বুলি ভিন্ন জনে আশংকা ব্যক্ত কৰিছিল । কিন্তু শেহতীয়াকৈ তালিবানে স্পষ্ট কৰিলে কাশ্মীৰ প্ৰশংগত নিজৰ স্থিতি।

তালিবানৰ শীৰ্ষ নেতা আনাচ হাক্কানিয়ে কাশ্মীৰ প্ৰশংগত সংবাদ মাধ্যমৰ আগত কয় যে, কাশ্মীৰৰ প্ৰশংগত তালিবানে হস্তক্ষেপ নকৰে। কাশ্মীৰ আমাৰ অধিকাৰ ক্ষেত্ৰত নপৰে আৰু হস্তক্ষেপ তালিবানৰ নীতিত নপৰে। আমি আমাৰ নীতিৰ বিৰুদ্ধে নাযাওঁ। আমি বিচাৰো কেৱল ভাৰতেই নহয় , সমগ্ৰ বিশ্বই আমাৰ চৰকাৰক স্বীকৃতি যাতে দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish