সুনীল চেট্টীৰ জোঁৱাই হ’ব ক্ৰিকেটাৰ কে এল ৰাহুল! আথিয়াৰ সৈতে ব্যস্ত প্ৰেম-ৰোমাঞ্চত

0
5658
Google search engine

ক্ৰিকেটাৰ আৰু চিনেমাৰ অভিনেত্ৰীৰ মাজত প্ৰেম-ৰোমাঞ্চৰ খবৰ নতুন নহয়। ইতিমধ্যে সংগীতা বিজলানী-আজহাৰউদ্দিন, অনুষ্কা-বিৰাট, হাৰ্দিক-নাতাশা, যুৱৰাজ-হেজেল, হৰভজন-গীতাৰ দৰে দম্পতীয়ে সেই কথা প্ৰমাণ কৰিছে। এতিয়া এই তালিকাত আৰু এটা নাম যোগ হ’বলৈ গৈ আছে, সেয়া হ’ল ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টী।

আথিয়া বলীউডৰ জনপ্ৰিয় অভিনেতা সুনীল চেট্টীৰ কন্যা। কে এল ৰাহুল আৰু আথিয়াই ইমানদিনে নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও শেহতীয়াকৈ কেএল ৰাহুলে আনুষ্ঠানিকভাৱে তেওঁলোকৰ প্ৰেমক স্বীকাৰ কৰিছে।

কে এল ৰাহুল বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ সৈতে ইংলেণ্ডত আছে। দলটোৱে অহা মাহৰ ৪ তাৰিখৰ পৰা টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰাৰ কথা আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) খেলুৱৈসকলৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলক ইংলেণ্ড ভ্ৰমণৰ বাবে লগত লৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। কে এল ৰাহুলৰ প্ৰেমিকা আথিয়া চেট্টীয়েও টীম ইণ্ডিয়াৰ সৈতে ইংলেণ্ডলৈ গৈছে।

ৰাহুলে লজিষ্টিক বিভাগত দাখিল কৰা নথিপত্ৰত আথিয়াক তেওঁৰ সংগী হিচাপে ঘোষণা কৰিছে। আথিয়া বৰ্তমান ৰাহুলৰ সৈতে চাউদাম্পটনত আছে। ভাৰতীয় ক্ৰিকেট দল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ইংলেণ্ডলৈ ৰাওনা হোৱাৰ পূৰ্বে লজিষ্টিক বিভাগে সকলো খেলুৱৈকে তেওঁলোকে লগত লৈ যাব বিচৰাসকলৰ নাম উল্লেখ কৰিবলৈ কৈছিল।

খেলুৱৈসকলে তেওঁলোকৰ পত্নী বা সংগীৰ নাম লজিষ্টিক বিভাগক ক’ব লগা হৈছিল। তেতিয়া কে এল ৰাহুলে আথিয়া চেট্টীক তেওঁৰ সংগী হিচাপে নামকৰণ কৰিছিল। এই খবৰ প্ৰকাশ পোৱাৰ পিছতে বলীউডত গুণগুণনি উঠিছে যে অতি সোনকালেই সুনীল চেট্টীয়ে ক্ৰিকেটাৰ জোঁৱাই লাভ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here