Sunday, January 23, 2022
HomeEntertainmentকহিনুৰ-হেঙুলৰ নাট্যযাত্ৰা বাতিল, অহা সপ্তাহৰ পৰা আখৰা আৱাহন থিয়েটাৰৰ

কহিনুৰ-হেঙুলৰ নাট্যযাত্ৰা বাতিল, অহা সপ্তাহৰ পৰা আখৰা আৱাহন থিয়েটাৰৰ

বাতিল হল ২০২১-২২ বৰ্ষৰ নাট্যযাত্ৰা। কভিডসৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২১-২২ নাট্যবৰ্ষৰ নাট্যযাত্ৰা বাতিল কৰিছে দুটাকৈ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলে। কহিনুৰ আৰু হেঙুল থিয়েটাৰ গোষ্ঠীয়ে ২০২১-২২ বৰ্ষত প্ৰদৰ্শন নকৰে নাট। কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ আৰু হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিত হাজৰিকাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। নিজৰ নিজৰ থিয়েটাৰৰ শিল্পী, কলা-কুশলী আৰু আহ্বায়ক সমিতিৰ সৈতে আলোচনাৰ পিছতে নাট্যযাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিস্থিতি সুস্থ হলে ২০২২-২৩ বৰ্ষত পুনৰ দৰ্শকৰ মাজলৈ নিব নাটক।

ইফালে কহিনুৰ আৰু হেঙুলৰ বাতিলৰ বিপৰীতে আৱাহন থিয়েটাৰে আৰম্ভ কৰিব আখৰা। ছেপ্টেম্বৰ মাহৰ পৰা ২০২১-২২ নাট্যবৰ্ষৰ বাবে আখৰা আৰম্ভ কৰিব থিয়েটাৰ গোষ্ঠীটোৱে। ইতিমধ্যে সতী জয়মতীৰ আধাৰত ৰচিত এখন নাটকক বিশেষ ৰূপত উপস্থাপন কৰি ৰাইজৰ মাজলৈ নিয়াৰ কথা ঘোষণা কৰিছে প্ৰস্তুতি পৰাশৰে। মান্দাকাটাৰ সমীপত থকা অস্থায়ী আখৰাগৃহত পূৰ্ণ প্ৰস্তুতি চলিছে নাট্যযাত্ৰাৰ বাবে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish