Renew: নবীকৰণ কৰিব লাগিব ম্যাদ ওকলা লাইচেন্স, RC, ফিটনেছ, পল্যুচন চাৰ্টিফিকেট

0
3133
renew
সংগৃহিত ছবি
Google search engine

বাইক আৰু গাড়ীৰ চালক-গৰাকীৰ বাবে ডাঙৰ খবৰ। হাতত মাত্ৰ এটা দিন, নবীকৰণ কৰিব লাগিব ম্যাদ ওকলা লাইচেন্স, RC, ফিটনেছ, পল্যুচন চাৰ্টিফিকেট। কাইলৈৰ ভিতৰত কৰিব লাগিব কেইবাটাও কাম। নহ’লে বাটে-পথে ভৰিব লাগিব জৰিমনা। ৩০ ছেপ্টেম্বৰৰ ভিতৰত নবীকৰণ কৰিব লাগিব ম্যাদ ওকলা লাইচেন্স, RC। ইয়াৰ লগতে ফিটনেছ, পল্যুচন চাৰ্টিফিকেটো ৩০ ছেপ্টেম্বৰৰ ভিতৰত নৱীকৰণ কৰিব লাগিব।

অসমতো ৩০ ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব কৰ। কৰ পৰিশোধ নকৰিলে ভৰিব লাগিব জৰিমনা। অসম চৰকাৰৰ পৰিবহন বিভাগে ইতিমধ্যে জাৰি কৰিছে জাননী। কোভিড পৰিস্থিতিৰ বাবে ম্যাদ বঢ়াই দিছিল পৰিবহন বিভাগে। পুনৰ ম্যাদ বঢ়াই নিদিলে জৰিমনা সন্মুখীন হ’ব লাগিব যান-বাহনৰ চালক-গৰাকীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here