Sunday, January 23, 2022
HomeRegionalLove Jihad: ঢেকিয়াজুলিত লাভ জেহাদৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী!

Love Jihad: ঢেকিয়াজুলিত লাভ জেহাদৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী!

পুনৰ পোহৰলৈ আহিছে লাভ জেহাদসদৃশ ঘটনা। এইবাৰৰ ঘটনাৰ স্থান ঢেকিয়াজুলি। ঢেকিয়াজুলিৰ ননকে গাঁৱত লাভ জেহাদৰ বলি হ’ল নৱম মান শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰী ৷ ঢেকিয়াজুলিৰ ১০নং ৱাৰ্ডত নৱনিৰ্মিত সূৰ্য ষষ্ঠী মন্দিৰৰ নিৰ্মাণৰ বাবে মিস্ত্ৰী ৰূপে কাম কৰিছিল ধুবুৰীৰ ছানোৱাৰ খানে। নিৰ্মাণ কাৰ্যৰ সময়ত যুৱকজনে নিজকে হিন্দু যুৱকৰূপে পৰিচয় দিছিল। নিজকে দীপাংকৰ ৰাজবংশীৰ পৰিচয় দি নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক ফুচুলাই ৫ জানুৱাৰীৰ পুৱা পলুৱাই লৈ যায়৷

কিশোৰীগৰাকীক প্ৰলোভন দি যুৱকজনে কিশোৰীগৰাকীৰ গৃহৰ পৰা লক্ষাধিক টকাসহ আ-অলংকাৰলৈ যোৱাৰ গুৰুতৰ অভিযোগ কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ। ইতিমধ্যে ন্যায় বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অপহৃতা কিশোৰীগৰাকীৰ পৰিয়ালে৷ দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে স্থানীয় ৰাইজেও।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish