Sunday, January 23, 2022
HomeRegionalMajuli Incident: ফেৰী দুৰ্ঘটনাত হেৰাইছিল নেকি বাইক-গাড়ী, নথি-পত্ৰ? অভিযোগ দিয়ক এই নম্বৰত

Majuli Incident: ফেৰী দুৰ্ঘটনাত হেৰাইছিল নেকি বাইক-গাড়ী, নথি-পত্ৰ? অভিযোগ দিয়ক এই নম্বৰত

মাজুলীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাত সামগ্ৰী হেৰাইছিল নেকি? যান-বাহন বা নথি-পত্ৰ হেৰালে দাখিল কৰিব পাৰিব অভিযোগ। ক্ষতিৰ অভিযোগ দিবৰ বাবে চৰকাৰে গঠন কৰিছে বিশেষ সমিতি। অভিযোগ দিবৰ বাবে মুকলি দুটাকৈ ফোন নম্বৰ। 1077 নম্বৰত ফোন কৰিব পাৰিব। 76359 61522 নম্বৰতো দিব পাৰিব অভিযোগ। ইয়াৰ লগতে ঠিকনাৰ প্ৰমাণ পত্ৰসহ মাজুলীৰ জিলা উপায়ুক্ত কাৰ্যালয়তো অভিযোগ দিব পাৰিব। ক্ষতি হোৱা সামগ্ৰীসমূহৰ মূল্য়ায়ন কৰিব জিলা প্ৰশাসনে। নথি-পত্ৰ, দুচকীয়া বাহন,অন্যান্য সম্পত্তিৰ মূল্যায়ন কৰিব প্ৰশাসনে।

৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল ভয়ংকৰ অঘটন। দুই ফেৰীৰ সংঘৰ্ষত সম্পূৰ্ণৰূপে ডুব গৈছিল মা কমলা নামৰ যাত্ৰীবাহী ফেৰীখন। এই ঘটনাত এগৰাকী অধ্যাপক, চিকিৎসকসহ ৩গৰাকী লোকৰ মৃত্যু হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments

en_USEnglish