কোভিডত মৃত্যু সংগীতশিল্পী লাকী আলীৰ ! কি সঁচা কি মিছা ?

0
272
Google search engine

কোভিড-১৯ত আক্ৰান্ত হৈ যশস্বী সংগীতশিল্পী লাকী আলিৰ মৃত্যু হোৱা বুলি হঠাতে ওলাল এক খবৰ। সকলোৰে প্ৰিয় লাকী আলিৰ মৃত্যু হোৱা বুলি বাতৰি উলোৱাৰ পাছতে অনুৰাগীসকলৰ মাজত হৈ চৈ লাগে। কিছু লোকে জনপ্ৰিয় শিল্পীজনৰ মৃত্যুত শোকপ্ৰকাশো কৰে। একাংশ ভাঙি পৰিল দুখত। কিন্তু জনপ্ৰিয় অভিনেত্ৰী নাফিছা আলিয়ে শেহতীয়াকৈ স্পষ্ট কৰি দিছে এইটো এটা সম্পূৰ্ণ ভুৱা বাতৰি।

নাফিছা আলিয়ে কয় যে শিল্পীজন বৰ্তমান তেওঁৰ বাংগালোৰস্থিত ফাৰ্মহাউচত পৰিয়ালৰ স’তে সুস্বাস্থ্যসহকাৰে দিন যাপন কৰিছে। লাকি আলীৰ কোভিডত মৃত্যু হোৱাটো বাদেই কোভিডতে আক্ৰান্ত হোৱা নাই। বৰ্তমান শিল্পীজনে সংগীত আৰু কনচাৰ্টৰ নতুন নতুন পৰিকল্পনা কৰাতহে ব্যস্ত বুলি জনায় নাচিফাই। নাফিছা আলীৰ এই টুইট পোৱাৰ মাজতহে লাকী আলিৰ অনুৰাগীসকলে সকাহ লভে। এনেকুৱা সময়ত এনে ভুৱা বাতৰি বিয়পাসকলক কঠোৰ শাস্তি দিব লাগে বুলি দাবী জনাইছে লাকী আলীৰ গুণমুগ্ধসকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here