‘দাদি ছা’ আৰু নাই ! অভিনেত্ৰী সুৰেখা ছিক্ৰিৰ দেহাৱসান

0
2683
Google search engine

হিন্দী ধাৰাবাহিকৰ শক্তিশালী তথা জনপ্ৰিয় অভিনেত্ৰী সুৰেখা ছিক্ৰি আৰু নাই। বালিকা বধু নামৰ ধাৰাবাহিকখনত সকলোতকৈ শক্তিশালী চৰিত্ৰ দাদি ছা বা কল্যাণী দেৱীৰ চৰিত্ৰত অভিনয় কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰখা অভিনেত্ৰী সুৰেখা ছিক্ৰিৰ আজি দেহাৱসান ঘটে। ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল দাদি ছা। হৃদ ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে সুৰেখা ছিক্ৰিয়ে।

১৯৪৫ চনৰ ১৯ এপ্ৰিলত জন্ম লাভ কৰিছিল সুৰেখা ছিক্ৰিয়ে। ১৯৭৮ চনত পলিটিকেল ড্ৰামা ‘কিচ্ছা কুৰ্ছী কা’ৰ পৰা অভিনয় জীৱন আৰম্ভ কৰা সুৰেখা ছিক্ৰি কেইবাখনো হিন্দী আৰু মালায়লম চিনেমাত অভিনয় কৰিছিল।

স্কুল অৱ ড্ৰামা (National School of Drama)ৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা সুৰেখাই তমস, ছলিম লংড়ে পৰ মত ৰোঁ, লিটিল বুদ্ধা, ছৰফৰোছ, কালি ছলৱাৰ, ৰেইনকোট, তুমছা নহী দেখা, দেৱ ডি, জুবেইডা, বধাই হোঁ আদিৰ দৰে বহু চিনেমাত অভিনয় কৰি তেওঁ দক্ষতাৰ পৰিচয় দিছিল।

উল্লেখ্য যে সুৰেখাই ৩ বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৮ চনত এবাৰ আৰু ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয়বাৰ ব্ৰেইন ষ্ট্ৰোক হৈছিল। আজি সকলোকে কন্দুৱাই নিয়তিৰ ওচৰত হাৰ মানি ৭৬ বছৰ বয়সত জীৱন নাট সামৰিলে সুৰেখ ছিক্ৰিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here