ৰণবীৰ-আলিয়াৰ হ’ব ডিভ’ৰ্ছ! বিবাহৰ পূৰ্বেই কোনে কৰিলে এই ভৱিষ্যদ্বাণী?

0
1232
Google search engine

বলীউডৰ হট কাপলৰ অন্যতম ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বিগত বহু বছৰ ধৰি দুয়ো ডেট কৰি আছে। সকলোৱে বৰ আশাৰে বাট চাইছে ৰণবীৰ আৰু আলিয়াৰ বিয়াখনলৈ। কিন্তু ৰণবীৰ আৰু আলিয়াৰ প্ৰেমৰ সম্পৰ্কক লৈ এক ভৱিষ্যদ্বাণী কৰিছে বলীউডৰ বিতৰ্কিত অভিনেতা তথা সমালোচক কামাল আৰ খানে।

খানে টুইটাৰযোগে সদৰী কৰে যে, ‘২০২২ চনৰ শেষলৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ বিবাহপাশত আবদ্ধ হ’ব। কিন্তু বিয়াৰ ১৫ বছৰ পাছতে আলিয়াক ডিভ’ৰ্ছ দিব ৰণবীৰ কাপুৰে!’

কিছুদিন পূৰ্বে বলীউড তাৰকা প্ৰিয়ংকা চোপ্ৰা আৰু হলীউড তাৰকা নিক জোনাছৰ বিবাহ বিচ্ছেদ হব বুলিও ভৱিষ্যদ্বাণী কৰি অনুৰাগীৰ ৰোষত পৰিছিল কামাল আৰ খান।ইফালে অভিনেত্ৰী টাবু কেতিয়াও বিবাহ পাশত আৱদ্ধ নহয় বুলিও কামাল আৰ খানে কৰিছে ভৱিষ্যদ্বাণী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here